
ডিজিটেল ডেস্কঃ সুদীৰ্ঘ সময় কাৰাবন্দী হৈ থকাৰ পিছত আজি মুকলি আকাশৰ তললৈ ওলাই আহিব দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা আপ নেতা মনীষ ছিছ’দিয়াই। শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে দিল্লীৰ সুৰা কেলেংকাৰী গোচৰত ছিছ’দিয়াৰ জামিন মঞ্জুৰ কৰাৰ পিছতে এয়া ‘সত্যৰ জয়’ বুলি অভিহিত কৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে।
আজি ছিছ’দিয়াৰ জামিন মঞ্জুৰ কৰি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বি আৰ গাভাই আৰু কে ভি বিশ্বনাথনৰ বিচাৰপীঠে কয় যে ছিছ’দিয়াক ১৭ মাহ ধৰি জিম্মাত ৰখা হৈছে আৰু এতিয়াও বিচাৰ আৰম্ভ হোৱা নাই, যাৰ ফলত তেওঁৰ ক্ষিপ্ৰ বিচাৰৰ অধিকাৰ বঞ্চিত হৈছে।
এতিয়া বাতিল কৰা দিল্লী আবকাৰী নীতি ২০২১-২২ প্ৰণয়ন আৰু ৰূপায়ণৰ ক্ষেত্ৰত কথিত অনিয়মৰ বাবে ২০২৩ চনৰ ২৬ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় তদন্ত ব্যুৰোৱে গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী ছিছ’দিয়াক।
২০২৩ চনৰ ৯ মাৰ্চত চিবিআইৰ এফআইআৰৰ পৰা উদ্ভৱ হোৱা ধন সৰবৰাহৰ গোচৰত বলবৎকাৰী সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰে আপ নেতাগৰাকীক।