

কালি নিশা নতুন দিল্লী ৰে’ল ষ্টেচনত ভয়ংকৰ ঘটনা সংঘটিত হৈছে৷ মহাকুম্ভত স্নানৰ বাবে প্ৰয়াগৰাজলৈ যাত্ৰাৰ বাবে কেইবা হাজাৰ যাত্ৰীয়ে ঠেলা-হেঁচা কৰাত তিনিটা শিশুসহ ১৮ জন লোক নিহত হয়। কুৰিগৰাকী লোক আহত হয়৷ শনিবাৰে নিশা প্ৰায় ১১ বাতি ১৫ মিনিটত নতুন দিল্লী ৰে’ল ষ্টেচনত ঠেলা হেঁচা লাগে৷ প্ৰথমতে বেলেগ এটা ট্ৰেকত প্ৰয়াগৰাজ অভিমুখী ৰে’ল অহাৰ কথা আছিল যদিও হঠাতে ট্ৰেক সলনিৰ ঘোষণা কৰে৷ সেই সময়তে কেইবা হাজাৰ যাত্ৰীৰ দৌৰা-দৌৰি লাগে৷ লগে লগে দৌৰা-দৌৰিত কেইবাগৰাকী লোকক বাগৰি পৰাত বাগৰি পৰা লোকৰ ওপৰেৰে মানুহ পাৰ হৈ যাবলৈ ধৰে৷ উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও ১৮ জন লোকে প্ৰাণ হেৰুৱাই৷ দিল্লী আৰক্ষীয়ে ১৮ জন লোকৰ মৃত্যু নিশ্চিত কৰিছে। মৃতকক ৰে’লৱেই ক্ষতিপূৰণ ১০ লাখ টকাকৈ ঘোষণা কৰিছে। নিশা কুম্ভ মেলালৈ যাবৰ বাবে ৰৈ থকা তীৰ্থযাত্ৰীসকলে নতুন দিল্লী ষ্টেচনৰ ১৩ আৰু ১৪ নং প্লেটফৰ্মত ভিৰ কৰিছিল। প্লেটফৰ্মত ৰেল আহি পোৱাল বিলম্বিত হৈছিল।