মুখ্যমন্ত্ৰী আৰু পত্নীৰ সম্পত্তিৰ তদন্ত বিচাৰি ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব কংগ্ৰেছে , ‘কা’ বলৱৎ কৰি অসম চুক্তিৰ আত্মাক ধ্বংস

গুৱাহাটী, ১৮ ছেপ্টেম্বৰঃ অসম চুক্তিৰ আত্মা ৫নং দফাক ‘কা’ আইন বলৱৎ কৰি নস্যাৎ কৰাৰ পিছত ৬নং দফা কাৰ্যকৰী কৰাৰ ভুৱা প্ৰচাৰ চলাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিজৰ অবাধ দুৰ্নীতি আৰু পত্নীৰ সম্পত্তিৰ তালিকাৰ বিষয়টো গাপ দি ২৬-ত নিৰ্বাচনী বৈতৰণী পাৰ হ’বৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৬নং দফাৰ ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ পৰামৰ্শৱলী আংশিকভাৱে পালন কৰাৰ কথা ঘোষণা কৰিছে। আজি এক সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই এনেদৰে অভিযোগ কৰে। বৰাই কয় খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণ নকৰাকৈ খিলঞ্জীয়াক ভূমিৰ অধিকাৰ কেনেকৈ দিব? অন্যহাতে ৬নং দফা সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ পৰামৰ্শৱলী কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন নোহোৱাকৈ ৰাজ্য চৰকাৰে কাৰ্যকৰী কৰিব নোৱাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেটত ৫৭টা পৰামৰ্শৱলী কাৰ্যকৰী কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা বুলি ঘোষণা কৰাৰ কেবাদিনো পাৰ হ’ল যদি এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে কিয় কোনো বিবৃতি দিয়া নাই? বৰাই লগতে কয় ভাৰত-বাংলাদেশ সীমান্তৰ কৰিমগঞ্জৰ ডুমাপৰা অঞ্চলত ৪ কিলোমিটাৰ এতিয়াও উন্মুক্ত হৈ আছে। ডাবল ইঞ্জিনৰ চৰকাৰে সীমান্ত ছীল কৰা, দ্বি-নাগৰিকত্ব প্ৰদান কৰাৰ লগতে খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ বাবে উচ্চ সদন কৰি দেখুৱাওক।

অসমৰ দেউৰী, তিৱা, ৰাভাকে ধৰি জনগোষ্ঠীসমূহৰ প্ৰতিনিধি উচ্চ সদনলৈ আনিবৰ বাবে অসম চৰকাৰে কি প্ৰস্তাৱ গ্ৰহণ কৰিছে সেই কথা ৰাজহুৱা কৰক বুলিও ভূপেন বৰাই উল্লেখ কৰে। বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই সংবাদমেলত অংশগ্ৰহণ কৰি কয় যে কংগ্ৰেছ চৰকাৰে অসমৰ জাতি-জনগোষ্ঠীৰ লোকসকলৰ সমস্যা সমাধানত সদায় অগ্ৰাধিকাৰ দি আহিছে। আনকি অসম চুক্তি স্বাক্ষৰ হোৱাৰ পিছত কংগ্ৰেছ চৰকাৰখন আধাতে ভাঙি দিয়া হৈছিল যাতে নতুন চৰকাৰ গঠন কৰিব পৰা যায়। উচ্চ সদনৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছিল। লগতে তেওঁ কয়, খিলঞ্জীয়া আৰু অসমীয়াৰ সংজ্ঞা গ্ৰহণ কৰিবৰ বাবে সেই সময়ৰ বিধানসভাৰ অধ্যক্ষ প্ৰণৱ গগৈ ডাঙৰীয়াই এক প্ৰস্তাৱো দাখিল কৰিছিল। হিমন্ত বিশ্ব শৰ্মাৰ দৰে নেতাই সদিচ্ছা থাকিলে খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণ কৰক। লগতে তেওঁ আৰু কয় যে টংকেশ্বৰ ৰাভাৰ দৰে বিতৰ্কিত জনজাতীয় নেতা এজনক ৰাভা-হাছং পৰিষদৰ দায়িত্ব দিয়া বিষয়টোৰ তদন্ত হ’ব লাগে। অসম বিধানসভাৰ জনজাতীয় বিধায়কসকলক লৈ এখন সমিতি গঠন কৰি টংকেশ্বৰ ৰাভা প্ৰকৃততে শৰণীয়া জনগোষ্ঠীৰ নে ৰাভা জনগোষ্ঠীৰ সেয়া অনুসন্ধান কৰিব লাগে। তেঁও কয় শৰণীয়া লোকসকলক জনজাতি নহয় বুলি ইতিমধ্যে ন্যায়ালয়ে ৰায় প্ৰদান কৰি থৈছে। তাৰপিছত টংকেশ্বৰ ৰাভাৰ পিতৃ আৰু লিগেচিয়ে শেহতীয়াকৈ তেওঁলোক শৰণীয়া আছিল বুলি প্ৰমাণিত কৰিছে। এই বিষয়টোৰো তদন্ত হোৱাৰ প্ৰয়োজন আছে বুলি তেওঁ উল্লেখ কৰে।

ইফালে, সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সুদীৰ্ঘ সময় ধৰি অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী আছিল। তেখেতৰ কাৰ্যকালত অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰিলে অথবা কেবিনেটত বিষয়টো কেনেকৈ উত্থাপন কৰিছিল সেই তথ্য ৰাজহুৱা কৰিব লাগে। সোণোৱাল আৰু শৰ্মা মন্ত্ৰীসভাৰ সময়ছোৱাত অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত কি ভূমিকা পালন কৰিছিল সেই কথাও ৰাইজক অৱগত কৰক বুলি দুয়োজন নেতাই আজি দাবী উত্থাপন কৰে। ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত কংগ্ৰেছৰ নীতি সদায় স্পষ্ট আছিল আৰু কংগ্ৰেছে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত হেঁচা প্ৰদান কৰিছিল। আনটো বাদেই কোচ ৰাজবংশীসকলক জনজাতিৰ মৰ্যাদা কংগ্ৰেছৰ দিনত প্ৰদান কৰা হৈছিল। দুয়োজন নেতাই সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ আৰু চৰকাৰৰ দুৰ্নীতি গাপ দি জনবিৰোধী নীতিত জুৰুলা হোৱা ৰাইজৰ মন ঘূৰাবৰ বাবে হিন্দু মুছলমানৰ সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ লগতে জনজাতীয় লোকসকলৰ ত্ৰাণকৰ্তাৰ ভূমিকা লৈ এক প্ৰহেলিকাময় পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰীৰ পত্নী হোৱাৰ সুবাদতে অবাধ সম্পত্তি আহৰণ কৰা আৰু মাজুলীৰ ভূমি সংৰক্ষণ কৰাৰ পূৰ্বে মাজুলীত নিজৰ নামত মাটি ক্ৰয় কৰা মুখ্যমন্ত্ৰীৰ পত্নীৰ লগতে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলা বিয়াগোম দুৰ্নীতিৰ তদন্ত বিচাৰি কংগ্ৰেছে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব বুলিও নেতাদ্বয়ে সংবাদমেলত জানিবলৈ দিয়ে।

  • Related Posts

    গীতাশ্ৰী তামুলীক লৈ বদৰুদ্দিন আজমলৰ অভব্য মন্তব্য

    অসমৰ ৰাজনৈতিক পৰিসৰত নতুন বিতৰ্ক সূচনা হৈছে। সংখ্যালঘু ৰাজনীতিৰ দল এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলে অখিল গগৈৰ পত্নী, শিক্ষাবিদ আৰু লেখিকা গীতাশ্ৰী তামুলীক লৈ ৰাজহুৱাকৈ “বুঢ়ী” বুলি সম্বোধন কৰাত সমাজ-ৰাজনীতিৰ বিভিন্ন…

    গুৱাহাটীৰ আইআইটিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ৰ উদ্বোধন সৰ্বানন্দ সোণোৱালৰ

    গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানক (আইআইটি) আয়োজিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ যুৱশক্তিক ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত অগ্ৰণী ভূমিকা ল’বলৈ আহ্বান জনায়।…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…