মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ বিৰুদ্ধে ৰাজ্যিক মহিলা আয়োগক গোচৰ কংগ্ৰেছৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়া নাৰীৰ বিৰুদ্ধে কৰা অশালীন মন্তব্যক লৈ ৰাজ্যত প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে অসম প্ৰদেশ মহিলা কংগ্ৰেছে অসম ৰাজ্যিক মহিলা আয়োগক এখন পত্ৰ প্ৰদান কৰিছে৷ আজি মহিলা কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰ গোস্বামীৰ নেতৃত্বত এটা প্ৰতিনিধি দলে মহিলা আয়োগত এখন অভিযোগ পত্ৰ দাখিল কৰে আৰু পত্ৰৰ ভিত্তিত গোচৰ কৰি মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰুদ্ধে চিবিআই তদন্ত আৰম্ভ কৰিবলৈ দাবী জনাইছে৷ আজি মীৰ বৰঠাকুৰ গোস্বামীৰ সৈতে প্ৰায় ৭জনীয়া মহিলা কংগ্ৰেছৰ দলটোৱে মহিলা আয়োগ কৰ্তৃপক্ষক পত্ৰখন প্ৰদান কৰাৰ লগতে মৌখিকভাৱে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে৷ মহিলা কংগ্ৰেছৰ সভাপতি মীৰ বৰঠাকুৰ গোস্বামীয়ে সাংবাদিকৰ সৈতে মুখামুখি হৈ আমি ৰাষ্ট্ৰীয় মহিলা আয়োগলৈ পত্ৰ প্ৰেৰণ কৰিছো৷ এই অভিযোগক লৈ ৰাষ্ট্ৰীয় আয়োগকো পত্ৰ দিছো৷ মুখ্যমন্ত্ৰীৰ এনে মন্তব্য গ্রহণযোগ্য হ’ব নোৱাৰে। মুখ্যমন্ত্ৰীয়ে কেৱল চাকৰিয়াল মহিলাসকলকে নহয়, প্ৰতিগৰাকী মহিলাকে অপমান কৰিছে। কেৱল অসমতে নহয় উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যত মহিলা কংগ্ৰেছে আয়োগক গোচৰ দিছে। কাইলৈ উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে প্রতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব৷ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক আয়োগে বিষয় অৱগত কৰাৰ অন্তত গুৰুত্বসহকাৰে ল’ব বুলি আমি বিশ্বাসী৷ গোস্বামীয়ে আৰু কয় যে ড০ শর্মাই যি মন্তব্য কৰিছে সেই সম্পৰ্কত চিবিআই তদন্ত বিচাৰিছে মহিলা কংগ্ৰেছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেতিয়ালৈকে মহিলাসকলক ক্ষমা নোখোজে তেতিয়ালকৈ প্ৰতিবাদ কৰি যাব৷ উল্লেখ্য যে, কংগ্ৰেছৰ দিনত সংঘটিত অসম লোকসেৱা আয়োগৰ নিযুক্তি পৰীক্ষাত সংঘটিত কেলেংকাৰীৰ তদন্ত কৰিবলৈ বিজেপি চৰকাৰে গঠন কৰিছিল বিপ্লৱ সমিতি আয়োগ৷ আয়োগৰ প্ৰতিবেদনত তদানীন্তন লোকসেৱা আয়োগৰ অধ্যক্ষ পাকেশ পালক লৈ উল্লেখ আছিল এক অভিযোগ৷ ৰাকেশ পালে চাকৰিৰ বিনিয়মত যুৱতীৰ সৈতে শাৰীৰিক সম্পৰ্ক কৰা বুলি এজন ভিত্তীহীন অভিযুক্তই প্ৰকাশ কৰা বুলি প্ৰতিবেদনত উল্লেখ আছিল৷ পঞ্চায়ত নিৰ্বাচনত বৰছলাত এখন সভাত মুখ্যমন্ত্ৰীয়ে এই প্ৰতিবেদনৰ দোহাই দি কংগ্ৰেছ চৰকাৰৰ দিনত অসমৰ বোৱাৰী-ছোৱালীয়ে চাকৰিৰ বাবে সতীত্ব হৰণ কৰিবলগীয়া বুলি কৈ কংগ্ৰেছক আক্ৰমণ কৰিছিল৷

  • Related Posts

    গোমাংসক লৈ সুৰ সলনি, হাচিলা বিলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

    মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গোৱালপাৰা আৰু ধুবুৰী জিলাৰ দৌৰা কৰি উচ্ছেদ অভিযানৰ পৰিস্থিতি পৰ্যালোচনা কৰে। পুৱা গোৱালপাৰাৰ হাচিলা বিলত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ড্ৰোনৰ সহায়ত এলেকা পৰিদৰ্শন কৰে আৰু…

    চাহ জনগোষ্ঠী-আদিবাসীক বছৰৰ পিছত বছৰ ধৰি বিজেপিয়ে প্ৰতাৰণা কৰাৰ অভিযোগ ৰ’জনীলা তিৰ্কীৰ

    ৰাজ্যৰ চাহ জনগোষ্ঠী আৰু আদিবাসী লোকসকলক বিজেপি দল আৰু চৰকাৰে চৰম প্ৰতাৰণা কৰা বুলি আজি তথ্যসমৃদ্ধ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি ৰ’জলীনা তিৰ্কীয়ে। গুৱাহাটীৰ ৰাজীৱ ভৱনত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ