মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সংখ্যালঘূৰ ভোট বিভাজন কৰিবলৈ কাম কৰিছে অখিল গগৈয়ে

এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে চামগুৰি সমষ্টিত ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইন পৰাজিত হোৱাত দুখ প্ৰকাশ কৰিছে৷ অখিল গগৈৰ বিৰুদ্ধেও আক্ৰমণাত্মক হয় বদৰুদ্দিন আজমল৷ অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত কাম কৰি সংখ্যালঘূ ভোট বিভাজন কৰিবলৈ কাম কৰি থকা বুলি গুৰুতৰ অভিযোগ আনিছে আজমলে৷ আজমলে কয় যে মই বৰ দুখ পাইছে৷ চামগুৰি সমষ্টিটো মই মোৰ ভতিজাৰ বাবে এৰি দিছিলো৷ কিন্তু কংগ্ৰেছে ধৰি ৰাখিব নোৱাৰিলে৷ তাৰ বাবে মই দুখী৷ মুছলমানক কংগ্ৰেছে ধৰি ৰাখিব পৰা নাই৷ মুছলমানৰ মাজত কংগ্ৰেছৰ প্ৰভাৱ কমিছে৷ হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈক লগাই দিছে মুছলমানৰ ভোট ল’বলৈ৷ ২০২৬ চনত যদি বিজেপিয়ে মুছলমানৰ ভোট ধৰি ৰাখিবলৈ সক্ষম হয়, তেন্তে কংগ্ৰেছৰ ভৱিষ্যত অন্ধকাৰ৷ মৰম সন্মান পালে মুছলমান বিজেপিলৈ যাবই৷ অখিল গগৈয়ে ১২৬ খন আসনত খেলাৰ কথা কৈ আছে৷ অখিল গগৈয়ে এআইইউডিএফৰ স্থান ল’বলৈ প্ৰয়াস কৰি আছে৷ মুখ্যমন্ত্ৰীয়ে অখিলক সেই ঠাই ল’বলৈ কৈ আছে৷ এতিয়া আমি শুই আছো৷ কিন্তু টাইগাৰ অভি জিন্দা হ্যে৷ যেতিয়া সাৰ পাব তেতিয়া ধৰি খাই পেলাব বুলি মন্তব্য কৰে আজমলে৷

  • Related Posts

    গীতাশ্ৰী তামুলীক লৈ বদৰুদ্দিন আজমলৰ অভব্য মন্তব্য

    অসমৰ ৰাজনৈতিক পৰিসৰত নতুন বিতৰ্ক সূচনা হৈছে। সংখ্যালঘু ৰাজনীতিৰ দল এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলে অখিল গগৈৰ পত্নী, শিক্ষাবিদ আৰু লেখিকা গীতাশ্ৰী তামুলীক লৈ ৰাজহুৱাকৈ “বুঢ়ী” বুলি সম্বোধন কৰাত সমাজ-ৰাজনীতিৰ বিভিন্ন…

    গুৱাহাটীৰ আইআইটিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ৰ উদ্বোধন সৰ্বানন্দ সোণোৱালৰ

    গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানক (আইআইটি) আয়োজিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ যুৱশক্তিক ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত অগ্ৰণী ভূমিকা ল’বলৈ আহ্বান জনায়।…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…