
ইউ এছ টি এমৰ আচাৰ্য মহবুবুল হকৰ বিৰুদ্ধে গোচৰ ৰুজু।
কৰিমগঞ্জৰ আয়ুক্তক গোচৰ ৰুজু কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।
মহবুবুল হকে অ’ বি চি বুলি প্ৰমাণ-পত্ৰ উলিওৱাৰ অভিযোগ মুখ্যমন্ত্ৰীৰ।
পূৰ্বে মহবুবুল হকৰ অ’ বি চি প্ৰমাণপত্ৰ নাকচ কৰিছিল কৰিমগঞ্জৰ আয়ুক্তই।
অৱশ্যে সেই সময়ত হকৰ বিৰুদ্ধে কোনো গোচৰ ৰুজু কৰা নাছিল কৰিমগঞ্জৰ আয়ুক্তই।
এতিয়া মুখ্যমন্ত্ৰী আৰু ইউ এছ টি এমৰ সংঘাত তুংগত উঠাৰ পিছতে মহবুবুল হকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিছে হিমন্ত বিশ্ব শৰ্মাই।
উল্লেখ্য যে, গুৱাহাটীৰ কৃত্ৰিম বান পৰিস্থিতিৰ পিছৰে পৰা ইউ এছ টি এমৰ বিৰুদ্ধে সৰৱ হৈ আহিছে মুখ্যমন্ত্ৰী শৰ্মা।
ইউ এছ টি এমত শিক্ষাৰ নামত ‘জেহাদৰ বাপ’ চলে বুলিও বিস্ফোৰক অভিযোগ হিমন্ত বিশ্ব শৰ্মাৰ।
ইয়াৰ মাজতে মঙলবাৰে কণ্ঠশিল্পী জুবিন গাৰ্গক ডি লিট প্ৰদান কৰিছে ইউ এছ টি এমে।