কেন্দ্ৰ আৰু কেবাখনো ৰাজ্যৰ শাসকীয় দল বিজেপিয়ে আজিৰে পৰা দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ বৃহৎ কাৰ্যসূচী গ্ৰহণ কৰিছে।
আজি দেশজুৰি বিজেপি দলৰ সদস্যভৰ্তি অভিযান আৰম্ভ হ’ব। বিশ্বৰ বৃহৎ দল বুলি দাবী কৰা বিজেপিয়ে ১০ কোটি সদস্য ভৰ্তিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।
বিজেপি দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে এই অভিযান হাতত লৈছে। ইপিনে আজি বিয়লি দলৰ সদস্য পদ গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
