লাভ জেহাদ! জয় নাম লৈ হিন্দু যুৱতীৰ সৈতে প্ৰেমৰ খেল জিয়াউলৰ, অশ্লীল ভিডিঅ’ বনাই ধৰ্মান্তৰকৰণৰ চেষ্টা

ডিজিটেল ডেস্কঃ যুৱতীগৰাকীৰ সৈতে প্ৰথম পৰিচয় হোৱাৰ সময়ত নিজৰ নাম জয় বুলি কৈছিল যুৱকজনে। লাহে লাহে দুয়োৰে মাজৰ সম্পৰ্ক ঘনিষ্ঠ হোৱাত পানীয়ৰ সৈতে নিচাজাতীয় দ্ৰব্য খুৱাই অচেতন কৰি যুৱকজনে বলাৎকাৰ কৰে যুৱতীগৰাকীক। আনহাতে যুৱকজনৰ আচল নাম যে জয় নহয়, সেই কথা যুৱতীগৰাকীয়ে জানিব পৰাৰ পিছত ধৰ্ষণৰ সময়ত গোপনে নিৰ্মাণ কৰা অশ্লীল ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল কৰাৰ ভাবুকি দি ধৰ্মান্তৰকৰণৰ বাবে হেঁচা দিবলৈ আৰম্ভ কৰে যুৱকজনে।

শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ ৰাজধানী চহৰ লক্ষ্ণৌত সংঘটিত হৈছে এই ঘটনা। যুৱতীগৰাকীয়ে তেওঁৰ সৈতে সংঘটিত নিৰ্যাতনৰ অভিযোগ লৈ আৰক্ষীৰ কাষ চপাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মহানগৰৰে নিৱাসী যুৱকজনক।

লক্ষ্ণৌ মহানগৰ আৰক্ষীৰ পৰিদৰ্শক অখিলেশ মিশ্ৰই জানিবলৈ দিয়া মতে, ধৃত যুৱকজনৰ প্ৰকৃত নাম হৈছে জিয়াউল হক। বাৰাবংকি ৰামনগৰৰ নিৱাসী যুৱকজনে মহানগৰৰ মেট্ৰ’ চিটি এপাৰ্টমেণ্টত এজন ব্যৱসায়ীৰ ঘৰত ড্ৰাইভাৰ হিচাপে আছে বুলি সদৰী কৰিছে আৰক্ষী বিষয়াগৰাকীয়ে।

ইফালে যুৱতীগৰাকীয়ে অভিযোগ দিয়া মতে, কেইবামাহ পূৰ্বে প্ৰথম চিনা-্পৰিচয় হোৱাৰ সময়ত নিজৰ নাম জয় বুলি পৰিচয় দিছিল জিয়াউল হকে। ক্ৰমে তেওঁলোকৰ মাজত বন্ধুত্ব গঢ় লৈ উঠে আৰু কিছু মাহ পূৰ্বে বিয়াৰ প্ৰস্তাৱো আগবঢ়ায় যুৱকজনে।

যুৱতীগৰাকীৰ অভিযোগ যে তেওঁলোকৰ মাজত বিয়াৰ কথা-বতৰা চলি থকাৰ সময়তে এদিন ফোন কৰি লগ কৰিবলৈ মাতে যুৱকজনে। ইয়াৰ পিছতে যুৱতীগৰাকীক শীতল পানীয়ৰ সৈতে নিচাজাতীয় দ্ৰব্য মিহলাই খুৱাই ধৰ্ষণ কৰা হয়। আনহাতে এই সময়ছোৱাত অশ্লীল ভিডিঅ’ বনাই যুৱতীগৰাকীক ধৰ্মান্তৰকৰণৰ বাবে হেঁচা দিবলৈ আৰম্ভ কৰে যুৱকজনে। অন্যথা ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল কৰাৰ ভাবুকি দিয়ে।

আনফালে যুৱকজনৰ প্ৰকৃত পৰিচয় জানিব পৰা যুৱতীগৰাকীয়ে প্ৰতিবাদ কৰাত তেওঁৰ ওপৰত শাৰীৰিক অত্যাচাৰ আৰম্ভ কৰে জিয়াউলে। ইয়াৰ পিছতে সহায় বিচাৰি আৰক্ষীৰ কাষ চাপে যুৱতীগৰাকীয়ে। অভিযোগৰ ভিত্তিত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে অভিযুক্তক জেললৈ প্ৰেৰণ কৰিছে।

  • Related Posts

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পশ্চিমবংগত পুনৰ সংঘটিত হৈছে বৰ্বৰ ধৰ্ষণকাণ্ড৷ আৰ জি কৰ ধৰ্ষণ কাণ্ডৰ পিছতে পৰিস্থিতি ক্ষান্ত হৈছিল যদিও এইবাৰ আইনৰ ছাত্ৰীৰ সৈতে সংঘটিত বৰ্বৰ কাণ্ডক লৈ পশ্চিমবংগ উত্তাল হৈ পৰিছে৷ এইবাৰ বীভৎস…

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পুনৰবাৰ পাকিস্তানে ভাৰতক আক্ৰমণৰ প্ৰয়াস কৰে৷ পাকিস্তানী ড্ৰোনে পঞ্জাবৰ ফিৰোজপুৰ জিলাত এটা পৰিয়ালৰ বাসগৃহত আক্ৰমণ কৰাত পৰিয়ালটোৰ তিনিগৰাকী লোক আহত হয়৷ ফিৰোজপুৰৰ এছ. এছ. পি. ভূপিন্দৰ সিং সিধুৱে সংবাদ সংস্থাক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে