লাহোৱালৰ ডিব্ৰুৱাল গাঁৱত অবৈধ চুলাই মদৰ বিৰুদ্ধে যুদ্ধংদেহি অভিযান লাহোৱাল আৰক্ষীৰ আৰু মহিলা সমাজৰ।
লাহোৱালৰ মহিলা সমাজৰ অভিযোগৰ পিছতেই লাহোৱাল আৰক্ষীয়ে এক যুদ্ধংদেহি অভিযানৰ মাজেৰে ডিব্ৰুৱাল গাঁৱৰ কেইবাটাও অবৈধ চুলাই মদৰ ঘাটিৰ উচ্ছেদ কৰে।
অবৈধ চুলাই মদৰ ব্যৱসায়ীসকলে ডিব্ৰুগড় আবকাৰী বিভাগৰ একাংশৰ বিষয়া সৈতে গোপন মিতিৰালিৰে দীৰ্ঘদিন ধৰি এনে ব্যৱসায় কৰি অহা বুলি অভিযোগ তুলিছে মহিলাসকলে।
লাহোৱাল আৰক্ষীয়ে প্ৰায় দুহেজাৰ লিটাৰ অবৈধ চুলাই জব্দ কৰে।
বৃহত্তৰ লাহোৱাল অঞ্চলৰ মহিলা সকলে লাহোৱাল থানাত এখন স্মাৰক পত্ৰ দাখিল কৰে।
নতুন প্ৰজন্মক এনে বিশাক্ত দ্ৰব্য মিহলিত চুলাই সেৱন কৰাই ধ্বংস গৰাহলৈ ঠেলি দি এনে চোৰাং ব্যৱসায়ীসকলে মাহিলি লক্ষ লক্ষ টকা উপাৰ্জন কৰি আহিছিল।
যাৰ পৰিণতিত বহুকেইগৰাকী ব্যক্তি ইতিমধ্যে মৃত্যু মুখতো পৰিছে। এনে ভয়াবহ পৰিস্হিতিৰ সমাধান হোৱাৰ লক্ষ্যৰে আজি অঞ্চলটোৰ মহিলাসকলে এনে প্ৰশংসনীয় পদক্ষেপ লোৱা বুলি জানিব পৰা গৈছে।