লোহিত ঠাকুৰীয়া, পত্নী জুলি ডেকা আৰু জীয়ৰী ঋত্বিকা ডেকাৰ মৃতদেহ উদ্ধাৰ

ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ঘটনা৷ একেটা পৰিয়ালৰ তিনিগৰাকী লোকৰ মৃতদেহ এটা বন্ধ কোঠাত উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ গুৱাহাটীৰ বামুণীমৈদামৰ অমৰ সংঘ পথত ৰে’লৱে কলনিৰ এটা বন্ধ কোঠাত এগৰাকী মহিলা, এগৰাকী কিশোৰী আৰু এজন পুৰুষৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয়৷ আটাইকেইগৰাকী মৃতদেহ একেটা পৰিয়ালৰ৷ পিতৃ, মাতৃ আৰু কন্যা বুলি জানিব পৰা গৈছে৷ মৃতদেহ তিনিটা লোহিত ঠাকুৰীয়া, পত্নী জুলি ডেকা আৰু জীয়ৰী ঋত্বিকা ডেকাৰ বুলি জানিব পৰা গৈছে৷ আজি দুপৰীয়া পৰিয়ালটোৰ কোনো লোক ঘৰৰ পৰা ওলাই নহাত ওচৰ-চুবুৰীয়াই খিৰিকিৰে কোঠাৰ ভিতৰলৈ চোৱাত কন্যাৰ মৃতদেহ ওলমি থকা প্ৰত্যক্ষ কৰিছিল তাৰ পিছতে আৰক্ষীক খবৰ দিয়া হয়৷ কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে তিনিটা মৃতদেহ প্ৰত্যক্ষ কৰিছে৷ আৰক্ষীয়ে প্ৰাথমিক তদন্ত কৰি লোহিত ঠাকুৰীয়াই পত্নী আৰু কন্যাক হত্যা কৰি নিজে আত্মহনন কৰাৰ সন্দেহ কৰিছে৷ ইতিমধ্যে আৰক্ষীয়ে তিনিটা মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে৷ আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰি কেইবাটাও তথ্য লাভ কৰিছে৷ লোহিত ঠাকুৰীয়াৰ সৈতে পত্নী আৰু কন্যাৰ সংঘাত আছিল৷ কন্যাৰ সৈতে অপকৰ্ম কৰিব খোজাৰ অভিযোগত জেললৈ গৈছিল ঠাকুৰীয়া৷

  • Related Posts

    দুই অভিযুক্তক গ্ৰেপ্তাৰ, গুৱাহাটীৰ নৃশংস সঞ্জীৱ নাথ হত্যাকাণ্ড

    ১৯ জানুৱাৰীৰ নিশা প্ৰথমে পল্টনবজাৰৰ এটা এপাৰ্টমেণ্টত, তাৰ পিছত বিলপাৰলৈ নি দুই বন্ধুৱে হত্যাৰ প্ৰয়াস কৰি বৰ্বৰভাৱে প্ৰহাৰৰ বলি হৈ ৫টা দিন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থাকি ২১ জানুৱাৰীত…

    ৰিলায়েন্স কাম্পা পানীয়ৰ বটলিং প্ৰতিষ্ঠান মুকলি হিমন্ত বিশ্ব শৰ্মাৰ

    আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত ৰিলায়েন্স কনজ্যুমাৰ প্ৰডাক্টছ লিমিটেড (আৰচিপিএল)-ৰ কাম্পা পানীয়ৰ নতুন বটলিং প্ৰতিষ্ঠানৰ উদ্বোধন কৰে। উত্তৰ গুৱাহাটীত আজি মুখ্যমন্ত্ৰীয়ে শীতল পানীয়ৰ উদ্যোগটোৰ বটলিং প্ৰতিষ্ঠান মুকলি কৰে৷…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…