
ডিজিটেল ডেস্কঃ অন্ধ্ৰপ্ৰদেশৰ আনকাপল্লী জিলাৰ এটা ঔষধ নিৰ্মাণ কাৰখানাত বুধবাৰে সংঘটিত ভয়াবহ বিস্ফোৰণৰ ফলত মৃত্যুৰ সংখ্যা ১৭ জনলৈ বৃদ্ধি পাইছে। ৰাজ্য চৰকাৰে প্ৰকাশ কৰা মতে, বিগত এটা দশকৰ ভিতৰত সৰ্ববৃহৎ এই উদ্যোগিক দুৰ্ঘটনাত আহত হৈছে ৪০ জন লোক।
বুধবাৰে আনকাপল্লী জিলাৰ ব্যক্তিগত খণ্ডৰ এছিয়েনচিয়া এডভান্সড ছায়েন্স নামৰ ঔষধ নিৰ্মাণ কাৰখানাটোৰ ৪০ একৰৰ সুবিশাল এলেকাটোত সংঘটিত হয় এই বিস্ফোৰণ কাণ্ড।
ইফালে এই ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ আহত আৰু নিহতসকলক উদ্ধাৰ অভিযান আৰম্ভ কৰে। বুধবাৰে ঘটনা সংঘটিত হোৱা সময়ৰ পৰা বৃহস্পতিবাৰে পুৱালৈকে উদ্ধাৰ অভিযান চলোৱাৰ পিছত উদ্ধাৰ অভিযানৰ অন্ত পেলোৱা হয়।
এই বিস্ফোৰণ কাণ্ড সন্দৰ্ভত উদ্যোগ কৰ্তৃপক্ষই কোনো তথ্য প্ৰকাশ কৰা নাই যদিও আৰক্ষীযে ৰসায়নিক বিক্ৰিয়াৰ ফলত এই বিস্ফোৰণ কাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰিছে।
আৰক্ষীয়ে ক্ল’জ চাৰ্কিট টেলিভিছনৰ ফুটেজ স্কেন কৰি আৰু আহতসকলক প্ৰশ্ন কৰি বিস্ফোৰণৰ আঁৰত কোনো লোক জড়িত আছিল নেকি নিৰ্ণয় কৰাৰ চেষ্টা চলাইছে।