শ্ৰমিকৰ দৰমহা আদায়ৰ দাবীত উত্তাল কলিয়াবৰ, ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

ৰঙালী বিহুৰ উলহ-মালহৰ মাজত নগাঁও জিলাৰ কলিয়াবৰত চাহ বাগিচাৰ শ্ৰমিকসকলৰ দৰমহা আদায়ৰ দাবীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । বেতন নোপোৱা শ্ৰমিকসকলে বুধবাৰে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ ফলত শ্ৰমিক আৰু আৰক্ষীৰ মাজত হতা-হতিৰ ঘটনা ঘটে।

:
কলিয়াবৰৰ চিকনি চাহ বাগিচাৰ শ্ৰমিকসকলে প্ৰথমে বাগিচাৰ মেনেজাৰৰ কাৰ্যালয় ঘেৰাও কৰে। দীৰ্ঘদিন ধৰি বেতন আৰু মৌলিক সুবিধা নোপোৱা শ্ৰমিকসকলে কৰ্তৃপক্ষৰ সৈতে আলোচনাৰ দাবী কৰিলেও প্ৰশাসন আৰু মালিকপক্ষৰ অনীহাই পৰিস্থিতি উত্তপ্ত কৰে। ক্ষুদ্ধ হৈ শ্ৰমিকসকলে ৰাষ্ট্ৰীয় ঘাইপথ ৩৭ ডি অভিমুখে যাত্ৰা কৰে আৰু পথ অৱৰোধ কৰে। আৰক্ষীয়ে প্ৰথমে শ্ৰমিকসকলক বাধা দিবলৈ চেষ্টা কৰিলেও সংখ্যাধিক্যৰ মুখামুখি হয়। প্ৰতিবাদকাৰীসকলৰ বেছিভাগেই মহিলা হোৱা বাবে পুলিচে প্ৰাৰম্ভিকভাৱে নিষ্ক্ৰিয়তা দেখুৱায়। পিছলৈ হেঁচা-ঠেলাত কেইগৰাকীমান শ্ৰমিকক আৰক্ষীয়ে পথৰ পৰা আঁতৰোৱাত উত্তাপ বাঢ়ে।

এগৰাকী মশ্ৰমিকে কয়, “মালিকে শনিবাৰে দৰমহা দিয়াৰ কথা কৈ আজিলৈকে একো নিদিলে। ল’ৰা-ছোৱালীৰ স্কুলৰ নামভৰ্তি কৰিব নোৱাৰিলোঁ। খৰি-পাতৰ অভাৱত সংসাৰ চলোৱাও টান।” আন এজনে অভিযোগ কৰে, “মালিকে দুদিন সময় খুজিছিল, কিন্তু কেইসপ্তাহ পাৰ হ’ল। ৰেচন-বেতন একো নাই। সহায় নোপোৱাত ৰাস্তালৈ ওলাই আহিবলৈ বাধ্য হ’লোঁ।”

বাগিচা কৰ্তৃপক্ষই সমস্যা সমাধানৰ পৰিৱৰ্তে এচি কক্ষত আছে। প্ৰশাসনেও আলোচনাৰ সুযোগ নিদিয়াত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰ হয়। স্থানীয়ভাবে ৰঙালী বিহুৰ উৎসৱৰ মাজত এই বিক্ষোভে সামাজিক আৰু অর্থনৈতিক বৈষম্যৰ চিত্ৰ ফুটি তুলিছে।

  • Related Posts

    ইছলামিক ৰাষ্ট্ৰত নামাজ পঢ়াৰ প্ৰশিক্ষণ লৈছে গৌৰৱ গগৈয়েঃ মুখ্যমন্ত্ৰী

    জম্মু-কাশ্মীৰৰ পেহেলগামৰ ঘটনাক লৈ দেশ উত্তাল হৈ থকাৰ সময়তে পুনৰ গৌৰৱ গগৈৰ পাকিস্তান সংযোগক লৈ আজি আক্ৰমণৰ লক্ষ্য কৰি লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ নাম নোলোৱাকৈ অসমৰ এজন সাংসদ বুলি…

    জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণ, নিহত ২৫ পৰ্যটক

    জম্মু-কাশ্মীৰৰ পেহেলগামৰ বাইছাৰন উপত্যকাত সংঘটিত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত কমেও ২৫ জন পৰ্যটক নিহত হৈছে আৰু বহুজন আহত হৈছে। এই ঘটনাই অমৰনাথ যাত্ৰাৰ আগমুহূৰ্তত উপত্যকাত আতংকৰ সৃষ্টি কৰিছে। আক্ৰমণটোৰ সময়ত পৰ্যটকসকলে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…