শ্ৰীভূমিত চলন্ত বাছৰ ভিতৰত ভয়ংকৰ কাণ্ড, চালকসহ দুজনক গ্ৰেপ্তাৰ

শ্ৰীভূমিত বাছৰ ভিতৰত মহিলাৰ সৈতে অপকৰ্ম সংঘটিত কৰিব খোজাৰ গুৰুতৰ অভিযোগৰ পিছতে উত্তেজনা অব্যাহত আছে৷ ০১ এপ্ৰিলৰ সন্ধিয়া বদৰপুৰৰ পৰা শ্ৰীভুমিলৈ বাছত গৈ থকা অৱস্থাত এই ঘটনা সংঘটিত হয়। গাড়ীৰ চালক আৰু দুজন যাত্ৰীয়ে চলন্ত বাছৰ দৰ্জা বন্ধ কৰি যুৱতীগৰাকীৰ সৈতে অপকৰ্ম কৰিব খোজাৰ অভিযোগ উত্থাপন হোৱাত নিশা কেইবাটাও হিন্দুত্ববাদী সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ অভিযুক্তক গ্ৰেপ্তাৰৰ দাবী উত্তাপন কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল৷ জানিব পৰা মতে, বদৰপুৰৰ পৰা শ্ৰীভুমিলৈ বাছত গৈ আছিল যুৱতীগৰাকী৷ তেনে সময়তে বাছৰ চালক আৰু দুই যাত্ৰীয়ে চলন্ত অৱস্থাতে দুৱাৰ বন্ধ কৰি যৌন আতিশয্যা চলোৱাৰ প্ৰয়াস চলোৱৰ প্ৰয়াস কৰে৷ কিন্তু অপকৰ্ম সংঘটিত কৰাত বিফল হৈ গাড়ীৰ পৰা যুৱতীক পথৰ দাঁতিত পেলাই পলায়ন কৰে বাছৰ চালক আৰু যাত্ৰী৷ কথমপি ৰক্ষা পৰা যুৱতীগৰাকীক হাস্পতালত ভৰ্তি কৰা হৈছে। শ্ৰীভূমি চিভিল হাস্পতালত চিকিৎসাধীন হৈছে৷ নিশা শ্ৰীভূমি চহৰত পথ অৱৰোধ কৰি হিন্দুৰক্ষী দলে পৰিস্থিতি উত্তাল কৰে। আৰক্ষী আৰু চিআৰপিফৰ মোতায়েন কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হয়৷ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসে দোষীক গ্ৰেপ্তাৰৰ আশ্বাস দিয়াত পথ অৱৰোধ প্ৰত্যাহাৰ কৰে। ইতিমধ্যে আৰক্ষীয়ে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনত চলা বাছখন জব্দ কৰাৰ লগতে দুজনক আটক কৰিবলৈ সক্ষম হৈছে। চিচিটিভি ফুটেজ আৰু কাৰিকৰী অনুসন্ধানৰ বিশ্লেষণৰ পিছত গ্ৰেপ্তাৰ কৰা হৈছিল। গ্ৰেপ্তাৰ কৰা লোকসকলক পঞ্চগ্ৰামৰ বাসিন্দা জছিম উদ্দিন লস্কৰ আৰু শিলচৰৰ বাসিন্দা আবুল ছালাম বুলি চিনাক্ত কৰা হৈছে।

  • Related Posts

    ইছলামিক ৰাষ্ট্ৰত নামাজ পঢ়াৰ প্ৰশিক্ষণ লৈছে গৌৰৱ গগৈয়েঃ মুখ্যমন্ত্ৰী

    জম্মু-কাশ্মীৰৰ পেহেলগামৰ ঘটনাক লৈ দেশ উত্তাল হৈ থকাৰ সময়তে পুনৰ গৌৰৱ গগৈৰ পাকিস্তান সংযোগক লৈ আজি আক্ৰমণৰ লক্ষ্য কৰি লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ নাম নোলোৱাকৈ অসমৰ এজন সাংসদ বুলি…

    জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণ, নিহত ২৫ পৰ্যটক

    জম্মু-কাশ্মীৰৰ পেহেলগামৰ বাইছাৰন উপত্যকাত সংঘটিত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত কমেও ২৫ জন পৰ্যটক নিহত হৈছে আৰু বহুজন আহত হৈছে। এই ঘটনাই অমৰনাথ যাত্ৰাৰ আগমুহূৰ্তত উপত্যকাত আতংকৰ সৃষ্টি কৰিছে। আক্ৰমণটোৰ সময়ত পৰ্যটকসকলে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…