
কলকাতাত এগৰাকী কনিষ্ঠ চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ পিছত আৰ জি কৰ মেডিকেল কলেজত সংঘটিত উদ্ভণ্ডালিক লৈ নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে কলকাতা উচ্চ ন্যায়ালয়ে। এই ঘটনাক লৈ আদালতে অসন্তুষ্টি প্ৰকাশ কৰি হঠাৎ কেনেদৰে ৭ হাজাৰ লোকৰ সমাগম ঘটিল সেই লৈ ৰাজ্য চৰকাৰক প্ৰশ্ন কৰে।
আদালতত ৰাজ্য চৰকাৰৰ অধিবক্তাই কয় যে আমি ঘটনা সন্দৰ্ভত তথ্য পোৱাৰ লগে লগে আৰক্ষীয়ে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰে। এই সন্দৰ্ভত মন্তব্য কৰি আদালতে কয় যে ৭০০০ লোক এনেদৰে হঠাতে গোট খোৱা নহয়। এই ঘটনাৰ সৈতে জড়িত ভিডিঅ’ আদালতত দেখুওৱা হৈছে।
আদালতে কঠোৰ মন্তব্য কৰি কয় যে যদি পৰিস্থিতি এনেকুৱা হয়, তেন্তে চিকিৎসালয় বন্ধ কৰি ৰোগীক আন কোনো চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হয়, তেতিয়া যেতিয়া চিকিৎসালয়খন নিজেই বন্ধ হ’ব তেতিয়া এনে কোনো হুলস্থুল নহ’ব। এনে ভয়ৰ মাজত চিকিৎসকে কেনেকৈ কাম কৰিব? ১৪ আগষ্টৰ নিশা আই জি হাস্পতালত সংঘটিত হোৱা উদ্ভাণ্ডালি কাণ্ডৰ ভিডিঅ’ও আদালতে চায়।
এই গোচৰত চি বি আইয়ে আৰ জি কৰ কলেজ এণ্ড হস্পিতালৰ প্ৰাক্তন অধ্যক্ষক ফোন কৰি জেৰাৰ বাবে মাতি পঠিয়াইছে। আদালতত যুক্তি লওঁতে প্ৰাক্তন অধ্যক্ষৰ অধিবক্তাই কয় যে মই চিবিআইৰ তদন্তৰ বাবে সাজু কিন্তু মোৰ ঘৰৰ বাহিৰত অবিৰত প্ৰতিবাদ চলি আছে, যদি মই নিৰাপত্তা পাওঁ তেন্তে আজি নিজেই চিবিআইৰ সন্মুখত হাজিৰ হ’ব পাৰিম।
ইফালে ঘটনা সন্দৰ্ভত সম্পূর্ণ তথ্য বিচাৰিছে আদালতে৷ আদালতে কয় যে যদি চিকিৎসকে নিৰাপত্তা নাপায় তেন্তে তেওঁ কেনেকৈ কাম কৰিব। ঘটনাস্থলীলৈ গৈ তথ্যৰ তদন্ত কৰাৰ সম্পূৰ্ণ কৰ্তৃত্ব আছে চিবিআইৰ। এই গোচৰত চিবিআইক অন্তৱৰ্তীকালীন প্ৰতিবেদন দাখিল কৰিবলৈও কোৱা হৈছিল। আদালতে কয় যে ভুক্তভোগীৰ ফটো সংবাদ মাধ্যমত দেখুৱাব নালাগে বা ৰাজহুৱা কৰিব নালাগে।