সাংবাদিক দিবাকৰ দত্ত, তপন কুমাৰ শইকীয়াক জাৰ্নেলিষ্ট ইউনিয়নৰ বিশেষ দায়িত্ব

সাংবাদিক দিবাকৰ দত্ত, তপন কুমাৰ শইকীয়াক জাৰ্নেলিষ্ট ইউনিয়নৰ বিশেষ দায়িত্বডিব্ৰুগড় জিলাৰ চাবুৱা অঞ্চলৰ দুই সক্ৰিয় সাংবাদিকক গুৰু দায়িত্ব প্ৰদান কৰিছে সৰ্বভাৰতীয় সাংবাদিক সন্থা অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়নে৷ সাংবাদিক সমাজৰ হকে সদা কাম কৰি অহা তথা সাংবাদিকৰ অধিকাৰৰ হকে কাম কৰা দুই সাংবাদিকক বিশেষ প্ৰদান কৰিছে দেশৰ অগ্ৰণী সাংবাদিক সন্থাটোৱে৷ অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়নে উজনি অসমৰ ডিব্ৰুগড় জিলাৰ দুই সাংবাদিক তপন কুমাৰ শইকীয়া আৰু দিবাকৰ দত্তক দায়িত্ব প্ৰদান কৰিছে৷ দিবাকৰ দত্তক অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়নৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি আৰু তপন কুমাৰ শইকীয়াক মুখ্য সম্পাদকৰ দায়িত্ব প্ৰদান কৰিছে৷ দিবাকৰ দত্তই বৰ্তমান এন কে টিভি, দৈনন্দিন বাৰ্তা কাকত কাম কৰি থকাৰ লগতে তপন কুমাৰ শইকীয়াই আছাম টকছত কৰ্মৰত হৈ আছে৷ দিবাকৰ দত্ত আৰু তপন কুমাৰ শইকীয়াই এনে দায়িত্ব প্ৰদান কৰাত অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়নেৰ উত্তৰ পূৰ্বাঞ্চলৰ সভাপতি ড০ কুকিল বৰুৱা আৰু অসম ৰাজ্যিক সমিতিৰ সভাপতি প্ৰকাশ কায়স্থক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে৷ ডিব্ৰুগড় জিলাখনৰ দুজনকৈ দায়িত্বশীল সাংবাদিকক অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়নে এই দায়িত্ব প্ৰদান কৰাত জিলাখনৰ সাংবাদিক সমাজে ধন্যবাদ জ্ঞাপন কৰিছে

  • Related Posts

    গীতাশ্ৰী তামুলীক লৈ বদৰুদ্দিন আজমলৰ অভব্য মন্তব্য

    অসমৰ ৰাজনৈতিক পৰিসৰত নতুন বিতৰ্ক সূচনা হৈছে। সংখ্যালঘু ৰাজনীতিৰ দল এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলে অখিল গগৈৰ পত্নী, শিক্ষাবিদ আৰু লেখিকা গীতাশ্ৰী তামুলীক লৈ ৰাজহুৱাকৈ “বুঢ়ী” বুলি সম্বোধন কৰাত সমাজ-ৰাজনীতিৰ বিভিন্ন…

    গুৱাহাটীৰ আইআইটিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ৰ উদ্বোধন সৰ্বানন্দ সোণোৱালৰ

    গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানক (আইআইটি) আয়োজিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ যুৱশক্তিক ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত অগ্ৰণী ভূমিকা ল’বলৈ আহ্বান জনায়।…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…