
জ্যেষ্ঠ সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ বিৰুদ্ধে আৰক্ষীয়ে সঠিক তথ্য প্ৰমাণ দাখিল কৰিব নোৱৰাৰ কথাটোৱে প্ৰমাণ কৰিছে যে আৰক্ষী ৰাজনৈতিকভাৱে ব্যৱহাৰ হৈছে৷ আদালতে জামিন মঞ্জুৰ কৰাটো গণতন্ত্ৰৰ বাবে এক শুভ লক্ষণ বুলি উল্লেখ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই কয় যে সাংবাদিকসকলে দুৰ্নীতিৰ বিৰুদ্ধে যি যুদ্ধ অব্যাহত ৰাখিছে কংগ্ৰেছে তাক সমৰ্থন কৰি আহিছে৷ বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ ঘনিষ্ঠসকলে অবাধ দুৰ্নীতি কৰি অসমৰ সম্পদ যি হাৰত লুণ্ঠন কৰিছে তাৰ বিৰুদ্ধে সাংবাদিকসকলৰ বলিষ্ঠ পদক্ষেপৰ বাবে বিৰোধী দল হিচাপে কংগ্ৰেছ সাংবাদিকসকলৰ ওচৰত কৃতজ্ঞ৷ চৰকাৰখনৰ অগণতান্ত্ৰিক আৰু অসাংবিধানিক কাম-কাজৰ বিৰুদ্ধে অসমৰ সাংবাদিকসকলে চিৰ জাগ্ৰত প্ৰহৰী হিচাপে কাম কৰি অহাৰ বাবে জাতিৰ অস্তিত্ব সুৰক্ষিত বুলি আমি বিশ্বাস কৰো৷ সকলো জাতি-জনগোষ্ঠীক লৈ এখন বিকশিত অসম গঢ়াৰ ক্ষেত্ৰত কংগ্ৰেছ দলে গণতান্ত্ৰিতভাৱে গ্ৰহণ কৰা কৰ্মসূচীত সাংবাদিকসকলৰ প্ৰত্যক্ষ সহযোগিতা কামনা কৰিছো৷