হঠাৎ অসুস্থ ৰজনীকান্ত, পেটত লগোৱা হ’ল ষ্টেণ্ট

৩০ ছেপ্টেম্বৰ সোমবাৰে সন্ধিয়া হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাত ছুপাৰষ্টাৰ ৰজনীকান্তক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চেন্নাইৰ এপ’ল’ হাস্পতালত চিকিৎসাধীন হৈ আছে অভিনেতাগৰাকী। মঙলবাৰে কেথ লেবত তিনিজন বিশেষজ্ঞ চিকিৎসকৰ এটা দলে হৃদযন্ত্ৰ সম্পৰ্কীয় প্ৰক্ৰিয়া সম্পন্ন কৰে। ৰজনীকান্তৰ তল পেটত ষ্টেণ্ট লগোৱাৰ খবৰ লাভ কৰা হৈছে। তেওঁ কিছুদিন হাস্পতালতে থাকিব লাগিব বুলি চিকিৎসকে জনায়।
বৰ্তমান তেওঁৰ অৱস্থা সুস্থিৰ বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে। তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে ৰজনীকান্তৰ আশু আৰোগ্য কামনা কৰিছে।

৭৬ বছৰীয়া ৰজনীকান্ত বৰ্তমান দুখন ডাঙৰ চিনেমাৰ কামত ব্যস্ত – পৰিচালক জ্ঞানভেল ৰাজাৰ ‘ভেট্টাইয়ান’, যিখন ১০ অক্টোবৰত মুক্তি পাব, আৰু লোকেশ কানাগৰাজৰ ‘কুলি’।

  • Brahmaputra Times

    Related Posts

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    ডিজিটেল ডেস্কঃ   কোন হ’ব শাসকীয় বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় অধ্যক্ষ? ইতিমধ্যে কাৰ্যকাল শেষ হৈছে জে পি নড্ডাৰ। নাড্ডাক ইতিমধ্যে নৰেন্দ্ৰ মোডীয়ে তেওঁৰ তৃতীয় কাৰ্যকালৰ মন্ত্ৰীসভাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হিচাপে দায়িত্ব দিছে।…

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    ডিজিটেল ডেস্কঃ  অশান্ত মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে মঙলবাৰে ৰাজধানী নতুন দিল্লীত গৃহ মন্ত্ৰালয়ৰ তত্বাবধানত মণিপুৰৰ মেইটেই, কুকি আৰু নগা সম্প্ৰদায়ৰ বিধায়কসকল একলগ হৈ এক বৈঠকত মিলিত হয়। ৰাজ্যখনৰ ভূমি আৰু…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক