
গুৱাহাটীঃ ‘হাঁহিটোৰ বাবে কোনো দাম ভৰিব নালাগে, নাৰ্ছৰ মুখৰ হাঁহিটোৱে ৰোগীক বহু সকাহ দিয়ে।’ – এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মঙলবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত নাৰ্ছ সকলক সদায় হাঁহি থাকিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী শৰ্মাই।
নাৰ্ছৰ হাঁহিটোৱে ৰোগীক সকাহ প্ৰদান কৰে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে গুৱাহাটী মেডিকেল কলেজৰ নাৰ্ছৰ প্ৰসংগও। জি এম চি এইচত নাৰ্ছসকলে গোমোঠা মাৰি থাকে বুলি মন্তব্য কৰি তেওঁ কয় যে নাৰ্ছৰ গোমেোঠা মুখ দেখিয়েই ৰোগীৰ বেমাৰ ভয়তে বেছি হয়। সেই বাবেই ৰোগীৰ ওচৰলৈ যাওতে নাৰ্ছসকলক মুখত হাঁহি এটা লৈ যাবলৈ পৰামৰ্শ আগবঢ়ায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।