দিছপুৰৰ জনতাভৱনৰ সন্মুখভাগত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা অনাদৰ কৰা হৈছে৷ হাবি-জংঘলৰ মাজত দেখা গৈছে সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তি৷ একেধাৰে গল্পকাৰ, নাট্যকাৰ, ঔপন্যাসিক, কবি, ব্যংগ লেখক, সমালোচক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাক এনেদৰে অপমান কৰা হৈছে৷ ক’বলৈ গ’লে হাবি-জংঘলৰ মাজত পোত গৈছে ৰসৰাজ৷ জনতা ভৱনৰ সন্মুখত জংঘলত সাহিত্যৰথীৰ প্ৰতিমূৰ্তি প্ৰত্যক্ষ কৰি বহুতে অন্তৰত দুখ পায়৷ মুখ্যমন্ত্ৰীয়ে বহা ব্লকৰ সন্মুখতে থকা সাহিত্যৰথীৰ প্ৰতিমূৰ্তিটোক অনাদৰ কৰা হৈছে৷ যিটো সচিবালয়ত সাংস্কৃতিক মন্ত্ৰীগৰাকী বহে৷ সাংস্কৃতিক মন্ত্ৰীগৰাকীয়ে প্ৰতিমূৰ্তিটোৰ এনে অৱস্থা দেখা নাপায় নেকি? নে চকু মুদি আহ-যাহ কৰে মুখ্যমন্ত্ৰী, মন্ত্ৰীসকল৷ ১৯০৯ চনত ‘বাঁহী’ আলোচনী প্ৰকাশ কৰাৰ লগতে সম্পাদনা কৰি অসমৰ সাহিত্যৰ ভৰাল চহকী কৰি থৈ যোৱা মহান মনীষীগৰাকীয়ে অসমৰ জাতীয় সংগীত ‘অ’ মোৰ আপোনাৰ দেশ’ ৰচনা কৰিছিল৷ ইমানে নহয় অসম সাহিত্য সভাৰ সভাপতি পদ অলংকৃত কৰিছিল৷ আনহাতে অসম ছাত্ৰ সন্মিলনীৰ সভাপতি আছিল৷ অসমীয়া জাতিক মহীয়ান কৰি যোৱা এনে এগৰাকী মহান মনীষীক অনাদৰ কৰা চৰকাৰখন জাতিটোৰ প্ৰতি দায়বদ্ধতা নে? তাকে লৈ উত্থাপিত হৈছে হাজাৰ-বিজাৰ প্ৰশ্ন।
বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
আহোম ৰাজশাসনৰ সোণালী ইতিহাসৰ স্বাক্ষৰ বহন কৰা ঐতিহাসিক চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰা পাছতে যোৱা ১৯ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে বিশ্ব ঐতিহ্য সপ্তাহ । অসম চৰকাৰৰ…