
গুৱাহাটীঃ মঙলবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এক নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত বিভিন্ন বিভাগত ১১২৭ গৰাকী যোগ্য প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰে ৰাজ্য চৰকাৰে। হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ ১ লাখ নিযুক্তিৰ অংশ হিচাপে বিতৰণ কৰা এই নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে চৰকাৰৰ মন্ত্ৰী আৰু আন আন বিষয়ববীয়া।
উল্লেখ্য যে, আজি লোকনিৰ্মাণ বিভাগত ২৬৬ গৰাকী আৰু চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগত ৮৬১ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। এতিয়ালৈকে চৰকাৰে ৯৯,০৯৭ গৰাকী প্ৰাৰ্থীক বিভিন্ন বিভাগত নিযুক্তি প্ৰদান কৰিছে বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰী শৰ্মাই এই অনুষ্ঠানত কয়, ‘‘আজি ১১২৭ গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰা হৈছে। ২০২১ চনৰ মে’ মাহত আমাৰ চৰকাৰ অহাৰ পিছত ১ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুদি দিছিলো আৰু আমি ইয়াৰ প্ৰায় ওচৰ পাইছো। আৰু কেইটামান নিযুক্তিৰ পিছত এক লাখ সম্পন্ন হ’ব। এতিয়ালৈ ৯৯ হাজাৰ ৯৭ গৰাকীক নিযুক্তি প্ৰদান কৰা হৈছে। ২০২১ বৰ্ষত ৪,৮৭৯ গৰাকী, ২০২২ বৰ্ষত ৩৫,১৩০ গৰাকী, ২০২৩ বৰ্ষত ৪৮,৬৩৮ গৰাকী, ২০২৪ বৰ্ষত ৩,৫৯৫ গৰাকীক নিযুক্তি দিয়া হৈছে। অসম চৰকাৰৰ বাজেটৰ পৰা বি টি এ ডি, কাৰ্বি আংলং আৰু ডিমা হাছাওত ৬৯৫৫ গৰাকীক নিযুক্তি প্ৰদান কৰা হৈছে।’’
অসমত এতিয়াৰ নিচিনা ইমান ইঞ্জিনিয়াৰ নিযুক্তি প্ৰদান কৰা হোৱা নাছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে চাকৰিৰ লগতে কাৰিকৰী জ্ঞানসমূহ কেনেকৈ ব্যৱহাৰ কৰিম, সেই সম্পৰ্কে জ্ঞান থকাৰ প্ৰয়োজন। আমাৰ বহু ইঞ্জিনিয়াৰ ঠিকাদাৰসকলৰ ওচৰত নিৰ্ভৰশীল। ৰাস্তাত পানী জমা হ’লে এটা কথা বুজা যায় যে ইঞ্জিনীয়াৰসকলে ভালদৰে কাম কৰা নাই।
মুখ্যমন্ত্ৰীয়ে কয়, ‘‘অসমত কোনো এটা ৰাস্তা তিনি বছৰতকৈ অধিক নিটিকে। মূল কাৰণ হ’ল ইঞ্জিনীয়াৰসকল জড়িত হৈ নাথাকে। ঠিকাদাৰসকলে জ্ঞান নথকা মিস্ত্ৰী লৈ আহে, কাম কৰাৰ সময়ত ঠিকাদাৰসকলে চাবলৈ নাহে। এনেকৈ থাকিলে কাম কৰাৰ পৰিৱেশ নাথাকিব। এটা ৰাস্তা ন্যূনতম পাঁচ বছৰৰ পিছতহে মেৰামতি কৰিব লাগে।’’
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, চাৰিখন চিকিৎসা মহাবিদ্যালয়ত ৮১২ গৰাকী নাৰ্ছ নিযুক্তি দিয়া হৈছে আজিৰ দিনটোত। এই বছৰৰ পৰা তিনিচুকীয়াত প্ৰথম এম বি বি এছ বেটছে নামভৰ্তি কৰিব পাৰিব। অহা বছৰ ১৪ সংখ্যক মেডিকেল কলেজখন উদ্বোধন কৰা হ’ব, যাৰ নাম হ’ব প্ৰাগজ্যোতিষপুৰ। ২০২৬ চনত আমি আৰু তিনিখন চিকিৎসা মহাবিদ্যালয়ৰ কাম আৰম্ভ কৰিব পাৰিম। চৰাইদেউ, বিশ্বনাথ আৰু বঙাইগাঁৱত হ’ব এই মেডিকেল কলেজকেইখন।
৮-১০ হাজাৰ যুৱতীক নাৰ্ছৰ নিযুক্তি প্ৰদান কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে জি এন এম নাৰ্ছ সকলক ৰোগীৰ সৈতে হাঁহিমুখে থাকি সাহস দিবলৈ অনুৰোধ জনায়। গুৱাহাটী মেডিকেল কলেডৰ নাৰ্ছসকল গোমোঠা মাৰি থাকে বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। যাৰ বাবে ৰোগীসকলৰ ভয়তে বেমাৰ বেছি হয়। ৰোগীক চাবলৈ যাওঁতে মুখত হাঁহি এটা ৰাখিবলৈ নাৰ্ছসকলক আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে।