
১৬ ফেব্ৰুৱাৰীৰ দিনৰ ১ বজাত আছুক আলোচনা কৰিবলৈ আমন্ত্ৰণ জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যালয়ে৷ অসম চুক্তিৰ ছয় নং দফা অনুসৰি সাংবিধানিক ৰক্ষাকৱচ সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়ধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত গঠিত উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন কাৰ্যকৰীকৰণৰ বিষয়ে আলোচনা কৰিবলৈ সদৌ অসম ছাত্ৰ সন্থাক আমন্ত্ৰণ জনোৱাৰ কথা আজি এক প্ৰেছ বিজ্ঞপ্তি যোগে প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিয়ে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত এই বৈঠত অনুষ্ঠিত হ’ব দিছপুৰ লোকসেৱা ভৱনত৷ ইতিমধ্য মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পত্ৰ লাভ কৰিছে আছুৰ সভাপতি উৎপল শৰ্মা, মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে৷ আছুৱে আজি এক বিবৃতি যোগে এই কথা উল্লেখ কৰিছে৷ আছুৱে বিবৃতিত কয় যে ইয়াৰ পূৰ্বে হোৱা আলোচনাত মুখ্যমন্ত্ৰীয়ে কৈছিল যে বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদনত অসম চৰকাৰৰ আওতাৰ ৪০টা বিষয় অসম চৰকাৰে ২০২৫ চনৰ এপ্ৰিল মাহৰ ভিতৰত কাৰ্যকৰী কৰিব৷ উভয় চৰকাৰৰ আধীনত থকা ১২টা বিষয়ৰ অসম চৰকাৰৰ আওতাৰ বিষয়সমূহ একে সময়তে কাৰ্যকৰী কৰা হ’ব৷ কেন্দ্ৰীয় চৰকাৰৰ আওতাৰ ১৫টা বিষয় কাৰ্যকৰীকৰণৰ বাবে অসম চৰকাৰে পদক্ষেপ ল’ব৷ লগতে অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত ত্ৰিপাক্ষিত আলোচনা হ’ব৷ আগৰবাৰৰ আলোচনাত কোৱা হৈছিল যে অসম চৰকাৰৰ আওতাৰ বিষয়সমূহ কাৰ্যকৰী কৰিবলৈ আছুৰ মতামত লৈ এখন কৰ্মসূচী অসম চৰকাৰে প্ৰস্তুত কৰিব৷ সেই আলোচনাৰ আধাৰত ১৬ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত সদৌ অসম ছাত্ৰ সন্থাৰ আলোচনা অনুষ্ঠিত হ’ব৷ লগতে একেটা বিবৃতিত আছুৰ সভাপতি উৎপল শৰ্মা, মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে কয় যে অসম চুক্তিৰ ছয় নং দফা অনুসৰি সাংবিধানিক ৰক্ষাকৱচ সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়ধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত গঠিত উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদনৰ সকলো পৰামৰ্শ কাৰ্যকৰী হ’ব লাগিব৷ দুয়োখন চৰকাৰ কাৰ্যকৰী কৰিব লাগিব৷ সাংবিধানিক ৰক্ষা কৱচ অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ প্ৰাপ্য৷ অসমৰ জনসাধাৰণ আৰু ছাত্ৰ সন্থাই ফলাফল বিচাৰিছে৷ ফলাফল নোপোৱাকৈ ছাত্ৰ সন্থা ক্ষান্ত নহয় বুলিও বিবৃতিত উল্লেখ কৰিছে জাতীয় সংগঠনটোৱে৷