
আকৌ এবাৰ গণৰাজ্য দিৱস বৰ্জনৰ ঘোষণা কৰিছে নিষিদ্ধ ঘোষিত সংযুক্ত মুক্তি বাহিনী স্বাধীনে৷ এক বিবৃৃতি যোগে ২৬ জানুৱাৰীৰ নিশা ১ বজাৰ পৰা আবেলি ৬ বজালৈকে সর্বাত্মক বন্ধ ঘোষণা কৰিছে৷ এক বিবৃতি যোগে নিষিদ্ধ ঘোষিত সংগঠনটোৱে প্ৰতি বছৰে ঔপনিৱেশিক ভাৰতৰ ভুৱা ‘গণতন্ত্ৰ দিৱস’ পালনত আমি বিৰোধিতা কৰি আহিছো বুলি কয়। অসম, নাগালেণ্ড আৰু অৰুণাচলত আমাৰ প্ৰতিবাদী কাৰ্যসূচীৰ অন্যতম হ’ব ২৬ জানুৱাৰীৰ নিশা ১ বজাৰ পৰা আবেলি ৬ বজালৈকে সর্বাত্মক বন্ধ। একেটা বিবৃতিত ৰাইজক বিশেষ আহ্বান জনাই আলফা স্বাধীনে সমূহ ৰাজনৈতিক-অৰাজনৈতিক, জাতীয় দল-সংগঠন তথা মুক্তিকামী জনগণক ভুৱা ‘গণতন্ত্ৰ দিৱস’ সম্পূৰ্ণৰূপে বৰ্জন কৰাৰ লগতে বন্ধৰ কালছোৱাত সকলো অনুষ্ঠান-প্ৰতিষ্ঠান আদিত জনসমাগম পৰিহাৰ কৰিবলৈ আহ্বান জনাই। অৱশ্যে, বন্ধৰ সময়ত স্বাস্থ্য সেৱাৰ দৰে অত্যাৱশ্যকীয় জৰুৰীকালীন সেৱাসমূহৰ উপৰি সংবাদ মাধ্যমৰ কাম-কাজ অব্যাহত ৰখাত কোনো বাধা নিষেধ নাথাকিব। একেটা বিবৃতিত আলফা স্বাধীনে এছিয়া অঞ্চল কৃত্ৰিম ভাৰতৰ অবিচ্ছেদ্য অংগ নাছিল বুলি দাবী কৰি কয় যে প্ৰাকৃতিক ৰূপ-সৌন্দৰ্য আৰু সম্পদৰে প্ৰাচুৰ্যময় অসম-নাগালেণ্ডকে ধৰি সমগ্ৰ পশ্চিমা দক্ষিণ-পূব এছিয়া অঞ্চল কৃত্ৰিম ভাৰতৰ অবিচ্ছেদ্য অংগ বুলি কৰি অহা ভিত্তিহীন দাবী আভুৱা ভাঁৰা, অনৈতিহাসিক আৰু সমূলি অযুক্তিকৰ। বুৰঞ্জীয়ে ঢুকি পোৱা দিনৰে পৰা এই অঞ্চলৰ স্বাধীনমনা থলগিৰি জাতিসমূহে ভৌগোলিক তথা আৰ্থ-ৰাজনৈতিক, সামাজিক-সাংস্কৃতিকভাৱে স্বকীয় পৰিচয় অক্ষুণ্ণ ৰাখি মৰ্যাদা সহকাৰে জীৱন নিৰ্বাহ কৰিছিল। সৰ্বজনবিদিত যে, ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত বৃটিছ আৰু ব্ৰহ্মদেশৰ মাজত হোৱা ’ইয়াণ্ডাবু সন্ধি’ৰ গইনা লৈ ঐতিহ্যমণ্ডিত অসমৰ ‘স্বাধীনতা’ৰ বেলি মাৰ গৈছিল৷ যদিও তাৰ ঠিক পিছতে স্বাধীনচেতীয়া জাতি-জনগোষ্ঠীসমূহে হেৰুৱা স্বাধীনতা পুনৰুদ্ধাৰৰ হকে মৰণপণ দি সংগ্ৰামত ব্ৰতী হৈছিল। পৰৱৰ্তী সময়ত তদানীন্তন ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ কাণ্ডাৰীসকলে অসমক স্বাধীনতা প্ৰদানৰ লোভ দেখুওৱাত, উমৈহতীয়া শত্ৰু বৃটিছৰ বিৰুদ্ধে একত্ৰে যুঁজি ১৯৪৭ চনত তথাকথিত স্বাধীনতা অৰ্জন কৰিলে। কিন্তু ভাৰতীয় শাসকবৰ্গই কৰা বিশ্বাসঘাতকতা তথা অসমৰ একাংশ অদূৰদৰ্শী ৰাজনৈতিক নেতাৰ দুৰ্বলতাৰ বাবে ছলে বলে কৌশলে এই ভূ-খণ্ডক কৃত্ৰিম ভাৰতৰাষ্ট্ৰৰ মানচিত্ৰৰ অন্তৰ্ভূক্তিৰে আজি পৰ্যন্ত দখলদাৰীত্ব অব্যাহত ৰাখিছে বুলিও কয় সংগঠনটোৱে৷