
অখিল গগৈয়ে পুনৰ অসম প্ৰদেশ কংগ্ৰেছক মিত্ৰতাৰ বাবে ডেড লাইন বান্ধি দিলে৷ যদি সেই ডেডলাইনৰ ভিতৰত কংগ্ৰেছে মিত্ৰতা নকৰিলে ১২৬টা সমষ্টিত নিৰ্বাচন খেলিব বুলি আজি ঘোষণা কৰিছে অখিল গগৈয়ে৷ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে আজি আকৌ এবাৰ কংগ্ৰেছ দলক অনুৰোধ জনাই মিত্ৰতা বাবে প্ৰস্তাৱ দিয়াৰ লগতে মে’ মাহক ডেডলাইন দিয়ে৷ সংবাদমাধ্যমৰ মুখামুখি হৈ অখিল গগৈয়ে বিৰোধী শক্তিসমূহক একত্ৰিত কৰাৰ জৰুৰী বুলি পুনৰবাৰ ব্যক্ত কৰি কয় যে মে’ মাহত মিত্ৰতা ঠিক কৰিব লাগিব৷ অখিল গগৈয়ে কয় যে কংগ্ৰেছে যেতিয়া ৰাহুল গান্ধী আহিছিল তেতিয়া কৈছিল যে ২০২৪ চনৰ ছেপ্টেম্বৰত মিত্ৰতাক লৈ সিদ্ধান্ত হ’ব বুলি কৈছিল৷ কিন্তু নহ’ল৷ বিজেপিৰ হাতত সাংঘাতিক ধৰণৰ শক্তি আছে৷ বিজেপিৰ সৈতে মিত্ৰতাত থকা দলবোৰ আছে৷ কংগ্ৰেছে ঘৰত সংঘাত চলিছে৷ তেওঁলোকে সিদ্ধান্ত ল’ব নোৱাৰে৷ কংগ্ৰেছ এতিয়া অস্থিৰ৷ মই বিনম্ৰভাৱে কংগ্ৰেছ দলক অনুৰোধ জনাও যে এই সময়সীমাক অনুগ্ৰহ কৰি ডেডলাইন বুলি ধৰি নল’ব। কিন্তু বিজেপিক পৰাস্ত কৰাৰ স্বার্থত মে’ মাহৰ ভিতৰতেই সিদ্ধান্তলৈ আহিব লাগিব।