ডা০ ৰঞ্জিত কুমাৰ দাসৰ কলমত…
সচাকৈ কৈছোঁ-কোনোবাইো অসমীয়া জাতীয় স্বাভিমান, জাতীয় গৌৰৱ আদিৰ কথা কলে আজিকালি চৰ এটা মাৰি দিবৰ মন যায়৷ আমি বিহুৰ বিশ্ব ৰেকৰ্ড কৰিবলৈ শ কৌটি টকা খৰচ কৰিছো৷ প্ৰতি বছৰে আয়োজিত হাজাৰ বিজাৰ বিহু সন্মিলনত বেসুৰা বিজতৰীয়া গায়ককো মাননি দিয়া হয় দহ-পোন্ধৰ লাখ পৰ্যন্ত৷ অসমৰ সৰ্বকালৰ এজন শ্ৰেষ্ঠ সুৰকাৰ আৰু সংগীত পৰিচালক হ’ল ৰমেন বৰুৱা৷ একেদৰে এগৰাকী শ্ৰেষ্ঠ কণ্ঠশিল্পী হ’ল দ্বিপেন বৰুৱা৷ কিমান কালজয়ী সুৰ আৰু মৌ বৰসা গীতেৰে তেওঁলোকে অসমৰ সংগীত শিল্প তথা জাতীয় জীৱনক সমৃদ্ধ কৰিছে৷ দ্বিপেন বৰুৱাই কৈছে “আৰ্থিক দুৰৱস্থাই আমাক ইমান কোঙা কৰিছে যে ৰমেন বৰুৱাই যদি তেনে কিবা (আত্মহত্যা) কৰিছে তাৰ কাৰণ দীৰ্ঘদিন ধৰি সমুখীন হৈ অহা আৰ্থিক দুৰৱস্থা৷ (এই বয়সত) মই নিজে ভাত পানী বনাই যেনে তেনে খাই আছো৷ আমাৰ সম্বল কেৱল এই ঘৰটো৷ এই দুৰৱস্থাৰ পৰিত্ৰাণ বিচাৰি ঘৰটো বেছি দিয়াৰ কথা কোৱা হৈছে (আমাৰ দৰে কিছু কেহেলুৱা ফেছবুকীয়ানে ব্ৰজেন বৰুৱাৰ পৰা ৰমেন বৰুৱা, দ্বিপেন বৰুৱাৰ দৰে সংস্কৃতিৰ কিংবদন্তীয়ে বাস কৰা এই ঘৰটোকে এক জাতীয় স্মাৰক হিচাবে সংৰক্ষণৰ কথা কওঁ)৷ মোৰ জীৱনকালত কিন্ত ঘৰটো বিক্ৰী বা ভাঙি দিয়াটো নিবিচাৰোঁ৷ যদি মোৰ অমতত তেনে কিবা কৰা হয় ময়ো হয়তো ব্ৰহ্মপূুত্ৰৰ বুকুলৈ নামি যাব লাগিব৷’’ অসমীয়া সংগীত শিল্পৰ সূৰ্য্য আছিল তেওঁলোক (আজিও আছে বহুতৰ মনত)৷ গোটেই জীৱন শিল্পৰ সাধনাত নিমগ্ন থাকি ধন বিতৰ কথা নাভাবিলে৷ জীৱনৰ বিয়লি বেলা সৰ্বোচ্চ সন্মান, আদৰ যত্নৰে তেওঁলোকক আমি জীয়াই ৰাখিব পাৰিব লাগিছিল৷ কৃতজ্ঞতাৰে ওপচাই পেলাব লাগিছিল৷ কিন্ত আৰ্থিক দুৰ্দশাৰ বাবে তেওঁলোক আপোনঘাতী হোৱাৰ কথা আহি পৰিছে৷ ৰমেন বৰুৱাৰ নিৰুদ্দেশ দৰাচলতে আমাৰ এক জাতীয় লজ্জা৷ বুকু ফিন্দাই জাতি মাটি কিম্বা জাতীয় স্বাভিমান জাতীয় গৌৰৱৰ কথা কোৱাসকলৰ মুখত এটা প্ৰচণ্ড চৰ ৷