ৰাজহুৱা সমাজকৰ্মী লুইত কুমাৰ বৰ্মনৰ বিৰুদ্ধে ৰাজ্যিক মহিলা আয়োগত অভিযোগ DC বৰ্ণালী ডেকাৰ

গুৱাহাটীৰ ৰাজহুৱা সমাজকৰ্মী তথা ব্যৱসায়ী লুইত কুমাৰ বৰ্মনৰ বিৰুদ্ধে অসম মহিলা আয়োগত অভিযোগ প্ৰদান কৰিছে নলবাৰীৰ জিলা আয়ুক্ত বৰ্ণালী ডেকাই৷ নলবাৰীৰ জিলা আয়ুক্ত বৰ্ণালী ডেকাই অসম মহিলা আয়োগত অভিযোগ প্ৰদান কৰাত লুইত কুমাৰ বৰ্মনক শুনানিত উপস্থিত থাকিবলৈ তলব কৰিছে৷ অহা ২৫ ছেপ্টেম্বৰত ৰাজ্যিক মহিলা আয়োগৰ আইনী উপদেষ্টা সমিতিৰ ওচৰত হাজিৰ হ’ব লাগিব লুইত কুমাৰ বৰ্মন৷ এই বিষয়ত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে লুইত কুমাৰ বৰ্মনে৷ বৰ্মনে কয় ‘‘আদালতত বিচাৰাধীন বিষয় এটাৰ গোচৰ মহিলা আয়োগে ল’লে কেনেকৈ? এবাৰ হাৰি লাজ নাপালে৷ এইবাৰ আকৌ লাগিব আহিছে৷ মই এইবাৰ কঠোৰ হম, মই শপত খাইছো৷’’ ২০২৪ চনৰ মে’ মাহত অৰ্থাৎ লোকসভা নিৰ্বাচনৰ সময়ত নলবাৰীৰ জিলা আয়ুক্ত বৰ্ণালী ডেকাই গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল৷ জিলা আয়ুক্ত বৰ্ণালী ডেকাই ধন দাবীৰ অভিযোগত নলবাৰী থানাত এজাহাৰ দাখিল কৰিছিল৷ লুইত কুমাৰ বৰ্মনৰ বিৰুদ্ধে আনিছিল এই অভিযোগ৷ নাম নোলোৱাকৈ বৰ্ণালী ডেকাৰ বিৰুদ্ধে লুইত কুমাৰ বৰ্মনে ছ’চিয়েল মিডিয়াত ভিন্ন কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰি পোষ্ট দি আহিছিল৷ লোকসভা নিৰ্বাচনৰ দিনটোত গৰ্ডন স্কুলস্থিত ষ্ট্ৰং ৰুমত জিলা আয়ুক্তক লুইত কুমাৰ বৰ্মনৰ মানুহ বুলি পৰিচয় দিয়া এজন লোকে ১০ লক্ষ টকা দাবী কৰা বুলি অভিযোগ আনিছিল বৰ্ণালী ডেকাই৷ বৰ্ণালী ডেকাই নলবাৰী সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত সদৰ আৰক্ষী থানাত হাজিৰ হৈছিল লুইত কুমাৰ বৰ্মন৷ আৰক্ষীয়ে বৰ্মনক প্ৰায় ৩ ঘণ্টা সোধ-পোছ কৰিছিল৷ জিলা আয়ুক্তৰ অভিযোগক ভিত্তিহীন আখ্যা দি ষ্ট্ৰং ৰুমত নিৰাপত্তা থকাৰ সময়ত বাহিৰৰ লোকে প্ৰৱেশ কেনেকৈ কৰিলে বুলিহে প্ৰশ্ন কৰিছিল বৰ্মনে৷ ধন দাবী কৰা লোকজনক গ্ৰেপ্তাৰ কিয় কৰা নহ’ল তাকে লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল৷ লুইত কুমাৰ বৰ্মনৰ নামত ধন দাবী কৰা লোকজনক আজিলৈ চিনাক্ত কৰিব পৰা নাই বুলি জানিব পৰা গৈছে৷ জিলা আয়ুক্তৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰো হুংকাৰ দিছিল বৰ্মনে৷ তাৰ মাজতে এক গোচৰত বৰ্ণালী ডেকাই লুইতৰ বিৰুদ্ধে ৰাজ্যিক মহিলা আয়োগৰ কাষ চপা বুলি জানিব পৰা গৈছে৷ ইপিনে শেহতীয়াকৈ লুইতে ৰাজ্যিক নিৰ্বাচনী বিভাগৰ মুখ্য বিষয়া অনুৰাগ গোৱেলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনিছে৷ এগৰাকী থলুৱা যুৱতীক শাৰীৰিক শোষণ কৰাই নহয় চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ অভিযোগ উত্থাপন কৰিছে বৰ্মনে৷ জ্যেষ্ঠ আমোলাৰ অভিসাৰক লৈ তথা লুইতৰ অভিযোগক লৈ জোকাৰণি উঠিছে দিছপুৰতো৷

  • Related Posts

    মন-কি-বাতত বিটিআৰৰ ক্ৰীড়াক্ষেত্ৰক প্ৰশংসা — হলিচৰণ, দুৰ্গা, অপূৰ্বৰ নাম প্ৰধানমন্ত্ৰীৰ মুখত

    আজিৰ মন-কি-বাতৰ ১২৩ সংখ্যক পৰ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বডোলেণ্ড টেৰিটোৰিয়েল ৰিজিয়ন (BTR)-ৰ ক্ৰীড়াক্ষেত্ৰত হোৱা উত্তৰণক ঐক্য আৰু আশাৰ প্রতীক হিচাপে অভিহিত কৰি বডোলেণ্ড CEM কাপ-ৰ বিশেষভাৱে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে…

    গৰুখুঁটি প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ, এছআইটি গঠনৰ দাবী

    গৰুখুঁটি কৃষি প্ৰকল্পক কেন্দ্ৰ কৰি ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ দলে দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰ কৃষক কংগ্ৰেছ কমিটীৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদ কাৰ্যসূচীত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে