
কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়ংক খাৰ্গেয়ে জাগিৰোডত স্থাপন কৰিবলৈ আগবঢ়া ছেমি কণ্ডাক্টৰৰ বিৰোধ কৰা বুলি অভিযোগ উত্থাপন কৰি আজি বিজেপিৰ ভাতৃয়ে সংগঠনে গুৱাহাটীত উত্তল প্ৰতিবাদ সাব্যস্ত কৰে৷ বিজেপিৰ ভাতৃ সংগঠন যুৱ মৰ্চাই আজি গুৱাহাটীৰ আজি ৰাজীৱ ভৱনৰ সন্মুখত উত্তাল প্ৰতিবাদ জনায়৷ কেইবা শ যুৱ মৰ্চাৰ হাতে হাতে বেনাৰ-ফেষ্টুন লৈ ৰাজীৱ ভৱনলৈ সমদল কৰি আহি ৰাহুল গান্ধীৰ প্ৰতিকৃিত দাহ কৰে৷ শীঘ্ৰে কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়াংক খাৰ্গ আৰু ৰাহুল গান্ধীক গ্ৰেপ্তাৰৰ দাবী জনায়৷ কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়াংক খাৰ্গেয়ে অসমত ছেমিকণ্ডাক্টৰ প্ৰকল্প স্থাপনৰ বিৰোধিতা কৰা বুলি অভিযোগ আনিছে বিজেপিৰ বিভিন্ন নেতাই। কংগ্ৰেছ মন্ত্ৰীজন বিৰুদ্ধে এই অভিযোগ আনি আজি ৰাজীৱ ভৱনৰ সন্মুখত বিজেপি যুৱ মৰ্চাই প্ৰতিবাদ সাব্যস্ত কৰে।