
গুৱাহাটীঃ ৰাজ্যৰ ২০ গৰাকী প্ৰবীণ সাংবাদিকলৈ অসম চৰকাৰৰ সাংবাদিক পেঞ্চন ঘোষণা।
অসম চৰকাৰৰ জনসংযোগ বিভাগে ঘোষণা কৰিছে এই পেঞ্চন।
নলবাৰীৰ তাজুদ্দিন আহমেদ, ডিব্ৰুগড়ৰ প্ৰবীণ সাংবাদিক শৰৎ চন্দ্ৰ নেওগ, কামৰূপ মহানগৰৰ কৈলাশ চৌধুৰীক প্ৰদান কৰা হৈছে সাংবাদিক পেঞ্চন।
তদুপৰি তিনিচুকীয়াৰ কৃষ্ণ উপাধ্যায়, কামৰূপ (ম)ৰ নৃপেন্দ্ৰ নাথ দাস, নলবাৰীৰ দণ্ডিৰাম দাস, কামৰূপ (ম)ৰ ড০ ফুৰিতচাবাম বিমৰানিকো প্ৰদান কৰা হৈছে সাংবাদিক পেঞ্চন।
তিনিচুকীয়াৰ শান্তনু গোস্বামী, নলবাৰীৰ বজৰংগলাল আগৰৱালা, শিৱসাগৰৰ অনিল কুমাৰ গুপ্তা, কাছাৰৰ হেমন্ত কুমাৰ দত্ত পুৰকায়স্থকো ২০২৪ বৰ্ষৰ সাংবাদিক পেঞ্চন।
চৰকাৰে ঘোষণা কৰা পেঞ্চন তালিকাত নাম আছে নগাঁৱৰ প্ৰবীণ সাংবাদিক কনক হাজৰিকা, যোৰহাটৰ জীৱন চন্দ্ৰ দত্ত, ডিব্ৰুগড়ৰ ভদ্ৰেশ্বৰ গগৈ, কৰিমগঞ্জৰ মিহিৰ দেৱনাথৰ।
লগতে নাম আছে কোকৰাঝাৰৰ স্বপন কুমাৰ এছ, কামৰূপ (ম)ৰ পুলিন সাহা, কামৰূপ (ম)ৰ অৰুণ কুমাৰ ঝা, তামুলপুৰৰ আনন্দ ৰামচিয়াৰী আৰু নলবাৰীৰ প্ৰদীপ কুমাৰ কলিতাৰ।
উল্লেখ্য যে, অসম চৰকাৰৰ এই সাংবাদিক পেঞ্চন অনুসৰি, অৱসৰপ্ৰাপ্ত প্ৰবীণ সাংবাদিসকলে প্ৰতিমাহে লাভ কৰিব ৮০০০ হাজাৰ টকা।