
আজি গুৱাহাটী মহানগৰীৰ চচলত আমছুৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ ২ সহস্ৰাধিক আমছুৰ নেতা-কৰ্মীয়ে চচলত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি ৱাকফ সংশোধনী আইন বাতিলৰ দাবী উত্থাপন কৰে৷ চচলৰ আকাশ-বতাহ কপাই আমছুৱে ৱাকফক আইন কোনো পধ্যেই মানি নোলোৱাৰ হুংকাৰ আমছুৱে৷ আমছুৰ নেতা-কৰ্মীয়ে হাতে হাতে প্লেকাৰ্ড লৈ চৰকাৰ বিৰোধী শ্ল’গান দি পৰিস্থিতি উত্তাল কৰি তোলে৷ আৰক্ষীৰ বিধা নামানি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আমছুৰ নেতা-কৰ্মীয়ে উশৃংখল পৰিস্থিতি সৃষ্টি কৰাৰ আশংকাত অধিক আৰক্ষীয়ে মোতায়েন কৰিবলগীয়া হয়৷ লগতে আৰক্ষীয়ে আমছুৰ প্ৰতিবাদীকাৰীসকল গুৱাহাটীলৈ অহাত বাধা দিয়াৰ অভিযোগ আনে নেতাসকলে৷ আমছু নেতৃত্বই চৰকাৰে কেৱল দেশৰ সংখ্যালঘু হোৱাৰ কাৰণেই মুছলমানক টার্গেট কৰিছে বুলি অভিযোগ আনি সংখ্যালঘুক টার্গেট কৰা বন্ধ কৰাৰ দাবী জনাইছে৷ লগতে আমছুৰ নেতৃত্বই কয় যে ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে কাইলৈৰ পৰা প্ৰায় সকলো জিলাতে আৰক্ষীৰ জৰিয়তে প্ৰতিবাদ দমন কৰিব খুজিছে৷ আমছুৰ সৈনিকসকলক অংশগ্ৰহণ কৰাত বাধা প্ৰদান কৰাৰ পিছতো আজি আমি চৰকাৰৰ এই হিটলাৰী ও দমননীতিক ওফৰাই আমছুৱে প্ৰতিবাদ কৰিছে৷ কেন্দ্ৰীয় চৰকাৰে ৱাকাফ আইন গৃহীত কৰি ভাৰতবৰ্ষৰ মুছলমানৰ সম্পত্তিসমূহ কাঢ়ি নিব বিচাৰিছে৷ গুৱাহাটীৰ চচলত ৱাকফ বিৰোধী প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ যোৱা আমছু নেতাক আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ অভিযোগক লৈ আজি সোচ্ছাৰ হোৱা দেখা যায় আমছুৰ নেতাক৷