
অসম বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীক নিৰ্যাতনৰ অপচেষ্টা লম্পট অটো চালকৰ।
অটোৰ ভিতৰতে শ্লীলতাহানিৰ চেষ্টা চলায় চালকজনে।
লম্পটজনৰ কামনাৰ বলি হোৱাৰ পৰা কথমপি নিজকে ৰক্ষা কৰে ছাত্ৰীগৰাকীয়ে।
ছাত্ৰীগৰাকীৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে আটক কৰা হৈছে অটো চালক বদৰুজামান ফাৰুকক।
সম্প্ৰতি অসম বিশ্ববিদ্যালয়ৰ থানাত ৰাখি জেৰা চলাই থকা হৈছে অভিযুক্তক।