

ডিজিটেল ডেস্কঃ অলিম্পিকৰ ফাইনেলৰ পূৰ্বে শৰীৰৰ মাত্ৰ কেইগ্ৰামান অধিক ওজনৰ বাবে অযোগ্য ঘোষণা কৰা ভাৰতীয় মল্লযুঁজাৰু বিনেশ ফ’গাটৰ আবেদন সন্দৰ্ভত শনিবাৰে স্থানীয় সময় অনুসৰি সন্ধিয়া ৬ বজাত (ভাৰতীয় সময়ানুসৰি নিশা ৯.৩০ বজাত) সিদ্ধান্ত ঘোষণা কৰিব ক’ৰ্ট অৱ এৰ্বিট্ৰেশ্যন ফৰ স্পৰ্টছ চমুকৈ চি এ এছে। শুকুৰবাৰে গোচৰৰ শুনানি সমাপ্ত হয় য’ত চি এ এছেয়ে বিনেশৰ আবেদন মানি লয়। বিনেশে ফাইনেলৰ পুৱা ১০০ গ্ৰাম অতিৰিক্ত ওজনৰ বাবে অযোগ্য ঘোষণাৰ বিৰুদ্ধে আবেদন জনাইছিল। চি এ এছয়ে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে, ‘অলিম্পিক গেমছ সম্পৰ্কীয় চি এ এছ এৰ্বিট্ৰেশ্যন নিয়মৰ ১৮ নং অনুচ্ছেদ প্ৰয়োগ অনুসৰি চি এ এছৰ এড হক বিভাগৰ অধ্যক্ষই পেনেলটোক ১০ আগষ্টৰ পেৰিছৰ সময় অনুসৰি ১৮:০০ বজাৰ সময়সীমা প্ৰদান কৰিছে।
অলিম্পিকৰ সময়ত বিবাদ নিষ্পত্তিৰ বাবে বিশেষভাৱে সৃষ্টি কৰা এড-হক বিভাগটোৱে কৈছিল যে দেওবাৰে পেৰিছ গেমছ সমাপ্ত হোৱাৰ পূৰ্বে সিদ্ধান্ত লোৱাৰ আশা কৰিব পাৰি। শুনানিৰ অন্তত শুকুৰবাৰে ভাৰতীয় অলিম্পিক সন্থাই কয় যে ইতিবাচক সিদ্ধান্তৰ বাবে আশাবাদী।
ভাৰতীয় অলিম্পিক সন্থাৰ এক বিবৃতিত কয় যে মল্লযুঁজাৰু বিনেশ ফ’গাটে ক্ৰীড়া সালিসী আদালতৰ এড হক বিভাগত দাখিল কৰা আবেদনৰ ইতিবাচক সমাধানৰ বাবে ভাৰতীয় অলিম্পিক সন্থাই আশাবাদী।
ইফালে ছেমি ফাইনেলত বিনেশৰ হাতত পৰাস্ত হোৱা কিউবাৰ মল্লযুঁজাৰু ইউছনেলিছ গুজমান লোপেজে বিনেশক অযোগ্য ঘোষণা কৰাৰ পিছত তেওঁৰ ঠাইত ফাইনেলত প্ৰৱেশ কৰে। তেওঁৰ আবেদনত ভাৰতীয় মল্লযুঁজাৰুগৰাকীয়ে লোপেজৰ সৈতে যৌথ ৰূপৰ পদক লাভ কৰিবলৈ বিচাৰিছে কাৰণ মঙলবাৰে তেওঁৰ যুঁজৰ সময়ত তেওঁৰ ওজন নিৰ্ধাৰিত সীমাৰ ভিতৰত আছিল। বিনেশৰ দলটো উপস্থাপন কৰে সুপৰিচিত জ্যেষ্ঠ অধিবক্তা হৰিশ ছালভে আৰু বিদুষপত সিংহনিয়াই।