
অসমত ভয়ংকৰ দেশবিৰোধী কার্যকলাপ। পাকিস্তানৰ সহায়ত দেশবিৰোধী কাণ্ডৰ জাল বিস্তাৰ কৰা এক বৃহৎ চক্ৰ উৎখাতৰ বাবে অসম আৰক্ষীয়ে আৰম্ভ কৰিছে ‘অপাৰেচন ঘোষ্ট চিম’ নামৰ বিশেষ অভিযান। এই অভিযানে পোহৰলৈ আনিছে যে অসমৰ চিমকাৰ্ড ব্যৱহাৰ কৰি পাকিস্তানত হোৱাটছএপ একাউণ্ট খোলা হৈছিল, যাৰ OTP প্ৰেৰণ হৈছিল পাকিস্তানলৈ।
অসম আৰক্ষীৰ ডিৰেক্টৰ জেনেৰেল হৰমীত সিঙে এক সংবাদমেলত প্ৰকাশ কৰে, এই ষড়যন্ত্ৰত বহু অসমবাসীৰ জড়িত থকা সন্দেহ আৰু বহু ভুৱা নথিৰে SIM কাৰ্ড উলিওৱা হৈছিল। এই চিমবোৰ সাইবৰ অপৰাধ তথা ৰাষ্ট্ৰ-বিৰোধী কার্যকলাপত ব্যৱহৃত হৈছিল।
মূল অভিযুক্তসকল:
অসম আৰক্ষীৰ বিশেষ টাস্ক ফৰ্চ (STF)-এ ১৬ মে’ তাৰিখে একে সময়তে ধুবুৰী, গুৱাহাটী, ৰাজস্থান, আৰু তেলেংগানাত অভিযান চলাই ৭ জন মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। তলত তেওঁলোকৰ নাম:
-
ছাদিক (৪৭), ভাৰতপুৰ, ৰাজস্থান
-
আৰিফ খান (২০), আলৱৰ, ৰাজস্থান
-
চাজিদ (২১), আলৱৰ, ৰাজস্থান
-
আকিক (২৫), ভাৰতপুৰ, ৰাজস্থান — গুৱাহাটী বিমানবন্দৰত গ্ৰেপ্তাৰ
-
আৰছাদ খান (৩৪), ভাৰতপুৰ, ৰাজস্থান — দিল্লী বিমানবন্দৰত গ্ৰেপ্তাৰ
-
মফিজুল ইছলাম (১৯), ধুবুৰী — তেলেংগানাত গ্ৰেপ্তাৰ
-
জাকৰিয়া আহমেদ (২৪), ধুবুৰী
ইয়াৰ উপৰিও ধুবুৰীৰ পৰা ১৪ জনক জিম্মাত লৈ জেৰা চলাইছে আৰক্ষীয়ে।
অভিযানৰ তথ্য:
-
৯৪৮ খন ভুৱা চিম কাৰ্ড জব্দ কৰা হৈছে
-
এই চিমবোৰ পাকিস্তানৰ পৰা পৰিচালিত হোৱাটছএপ একাউণ্টত ব্যৱহৃত হৈছিল
-
এই একাউণ্টবোৰ দেশ-বিৰোধী কার্যকলাপত জড়িত হৈ থকাৰ সন্দেহ
-
চিম জালিয়াতিৰ এই চিণ্ডিকেটৰ সৈতে সন্ত্ৰাসবাদী সংযোগ থকা সন্দেহ
-
তথ্য সংগ্ৰহ গজৰাজ মিলিটাৰী ইনটেলিজেঞ্চৰ পৰা পোৱা গোপন খবৰৰ আধাৰত
আইনী ব্যৱস্থা:
অসম আৰক্ষীৰ STF-এ ১৪ মে’ত ০২/২৫ নম্বৰত ইউএপিএ আৰু তথ্য প্ৰযুক্তি আইনৰ অধীনত গোচৰ ৰুজু কৰিছে। এই গোচৰবোৰত চক্রটোক বেআইনী কার্যকলাপ আৰু ৰাষ্ট্ৰীয় সুৰক্ষাত ভাবুকি হিচাপে চিহ্নিত কৰা হৈছে।
আৰক্ষীৰ সতৰ্কতা:
অসম আৰক্ষীয়ে জনসাধাৰণক অজ্ঞাত নম্বৰৰ হোৱাটছএপ কলৰ প্ৰতি সাৱধান হোৱাৰ আহ্বান জনাইছে। এনে কলসমূহ বহু সময়তে ভুৱা একাউণ্টৰ পৰা আহে, যি ৰাষ্ট্ৰবিৰোধী উদ্দেশ্যত ব্যৱহৃত হ’ব পাৰে।