
গুৱাহাটীঃ আজিৰে পৰা অসমত বন্ধ হ’ল কাজী প্ৰথা। আজি বিধানসভাত ‘দ্য আছাম ৰিপিলিং বিল ২০২৪’ উত্থাপন কৰাৰ সমান্তৰালভাৱে বাতিল কৰা হয় দ্য আছাম মুছলিম মেৰিজ এণ্ড ডিভ’ৰ্চ ৰেজিষ্ট্ৰেচন এক্ট ১৯৩৫।
বিধাসভাত আজি দ্য আছাম ৰিপিলিং বিল গৃহীত হোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমত ২০২৬ চনৰ ভিতৰত বাল্য বিবাহ সম্পূৰ্ণৰূপে বন্ধ কৰা হ’ব। বাহিৰত বাল্য বিবাহ হ’লেও অসমত হ’বলৈ দিয়া নহয় বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।
ইফালে সদনত বিধায়ক ৰফিকুল ইছলামে কয় যে বহু আৰৱী পণ্ডিত আৰু চৰকাৰী শিক্ষকেই কাজীৰ কাম কৰি আছে৷ গুৱাহাটীৰ কেন্দ্ৰীয় কাজীজনো শিক্ষক৷ চৰকাৰী মানুহ৷ অসমত বেছি কাজী নাই৷ ৯০ জনহে আছে কাজী। ৰফিকুল ইছলামৰ এই মন্তব্যৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, ”৯০জন কাজীৰ কথা চিন্তা কৰিব নালাগে৷ মুছলমান ছোৱালীসকলৰ ন্যায়ৰ কথা চিন্তা কৰক৷ ৰফিকুল ইছলামে নিজৰ দুজনী ছোৱালীৰ ন্যায়ৰ কথা চিন্তা নকৰি কাজীৰ কথা চিন্তা কৰিছে৷ কাজীসকলক মই হেণ্ডেল কৰিম। কাজী বন্ধ কৰাৰ মতলবতেই এই আইন বাতিল কৰা হৈছে৷’’
মুখ্যমন্ত্ৰীয়ে লগতে কয়, ”ছাব ৰেজিষ্টাৰ অফিচলৈ আহিবলৈ অসুবিধা পালে আমি সুকীয়াকৈ মুছলিম ছাব ৰেজিষ্টাৰ অফিচ কৰি দিম৷ তাতে পঞ্জীয়ন কৰিব৷ কিন্তু চৰকাৰী অফিচতহে মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়ন হ’ব। মুছলিম বিবাহ পঞ্জীয়নৰ মাছুল ছিম্বলিকভাৱে এক টকা দিলেই হ’ব৷ বেছি টকা দিব নালাগে৷ টকা ঘটাটো আমাৰ উদ্দেশ্য নহয়।’’
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনত কয়, ‘‘দেশৰ সৰ্বাধিক মুছলমান থকা জম্মু-কাশ্মীৰতো মুছলমান বিবাহ চৰকাৰী কাৰ্যালয়ত পঞ্জীয়ন হয়৷ কেৰালাতো হয় চৰকাৰী কাৰ্যালয়ত। কাজীসকলক ধন্যবাদ৷ ১৯৩৫ৰ পৰা বহু কষ্ট স্বীকাৰ কৰিলে কাজীসকলে৷ এতিয়া আৰু সেই কষ্ট কৰিব নালাগে৷’’
বিধানসভাত বিধায়ক কৰিমউদ্দিন বৰভূঞাই কয়, কেৱল মুছলমানেই বহুবিবাহ নকৰে, ট্ৰাইবেল আৰু চাহ বাগান অধ্যুষিত অঞ্চলতো বহুবিবাহ বহু হয়। এই মন্তব্যৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘তেনে কথা কৈ ট্ৰাইবেল আৰু বাগানৰ মানুহৰ খং উঠাই নল’ব৷ ট্ৰাইবেল আৰু বাগানত বহুবিবাহ নহয়৷ মহিলাৰ কল্যাণৰ কথা ন্যায়ৰ কথা চিন্তা কৰক৷ মহিলা মানেই মোৰ ছোৱালী।’’