
ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কোনো এটা অঞ্চলৰ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰি কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে গঢ়ি তোলা হৈছে! – জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত সোমবাৰে পুঞ্চত এখন ৰাজহুৱা সভাত অংশ লৈ এই মন্তব্য কৰে লোকসভাৰ বিৰোধী দলৰ নেতা তথা কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে। জনসভাত গান্ধীয়ে কয়, “ভাৰতত বহুবাৰ কেন্দ্ৰীয় শাসিত অঞ্চলক ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হৈছে, আনহাতে সেইবোৰ ভাঙি বহু নতুন ৰাজ্য সৃষ্টি হৈছে। কিন্তু কাশ্মীৰত প্ৰথমবাৰৰ বাবে কাশ্মীৰৰ জনসাধাৰণৰ গণতান্ত্ৰিক অধিকাৰ কাঢ়ি লোৱা হৈছে। প্ৰথমবাৰৰ বাবে ৰাজ্য এখনক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে গঢ়ি তুলিছে বিজেপিয়ে।’’ কংগ্ৰেছ নেতাগৰাকীয়ে লগতে কয়, “আমাৰ প্ৰথম দাবী হ’ল আকৌ এবাৰ আপোনালোকক ৰাজ্যৰ অধিকাৰ দিয়া হওক। আমি তেওঁলোকৰ ওপৰত হেঁচা প্ৰয়োগ কৰি তেওঁলোকক এই কামটো কৰিবলৈ দিম আৰু যদি তেওঁলোকে নকৰে তেন্তে আমি আপোনালোকক এই কাম কৰি দেখুৱাম।” ইফালে বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰি ৰাহুল গান্ধীয়ে কয় যে বিজেপি আৰু আৰ এছ এছৰ মূল কামেই হৈছে ২৪ ঘণ্টাই ঘৃণা আৰু হিংসা বিয়পোৱা। তেওঁ কয়, ”বিজেপি আৰু আৰ এছ এছৰ লোক য’লৈকে যায়, তাতেই ভাতৃৰ মাজত সংঘাত লগায়। জম্মু-কাশ্মীৰতো সেয়াই কৰিছে।’’ তেওঁৰ এই সংগ্ৰাম মতাদৰ্শৰ যুঁজ বুলি মন্তব্য কৰি কংগ্ৰেছ সাংসদগৰাকীয়ে পুনৰ কয়, ”এফালে তেওঁলোকৰ ঘৃণা, আনফালে প্ৰেমৰ সেই চলি থকা দোকানবোৰ।’’ ঘৃণা আঁতৰাবলৈ ঘৃণা নহয়, প্ৰেমৰ প্ৰয়োজন বুলি মন্তব্য কৰি বিজেপিয়ে ঘৃণাৰ ৰাজনীতি কৰে বুলি মন্তব্য কৰে গান্ধীয়ে। অন্যহাতে এইবাৰৰ লোকসভা নিৰ্বাচনৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মবিশ্বাস লাঘৱ হোৱা বুলি মন্তব্য কৰে ৰাহুল গান্ধীয়ে। তেওঁ কয় যে এতিয়া মোদী সেই পুৰণি মোদী হৈ থকা নাই। সদনত এতিয়া বিৰোধীয়ে সৃষ্টি কৰা মানসিক চাপ স্পষ্টকৈ দেখা গৈছে বুলিও তেওঁ কয়।