আদিবাসী সমাজৰ বজ্ৰকণ্ঠ আছাৰ সভাপতি প্ৰদীপ নাগৰ দেহাৱসান

আদিবাসী সমাজক কন্দুৱাই মাথোঁ ৪৭ বছৰ বয়সতে এই পৃথিৱীৰ মায়া-মোহ এৰি গুছি গ’ল আদিবাসী সমাজৰ বজ্ৰকণ্ঠ সংগ্ৰামী নেতা প্ৰদীপ নাগ৷ অসমত বসবাস কৰা আদিবাসী সমাজৰ অধিকাৰৰ হকে সংগ্ৰাম কৰি অহা সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি প্ৰদীপ নাগে চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰিছে৷ গুৰুগ্ৰামৰ মেদান্ত হাস্পতালত প্ৰদীপ নাগে মৃত্যুক আকোৱালি লয়৷ মেদান্ত হাস্পতালত চিকিৎসা চলি আছিল যদিও আজি পুৱাৰ ভাগতে শেষ নিশ্বাস ত্যাগ কৰিছে৷ কিছুদিন আগলৈ আদিবাসীসকলৰ অধিকাৰৰ হকে মাত মাতি থকা প্ৰদীন নাগৰ মৃত্যুৰ খবৰক সহজে ল’ব পৰা নাই একাংশ লোকে৷ ওদালগুৰি জিলাৰ ভগাপাৰাত জন্মগ্ৰহণ কৰিছিল প্ৰদীপ নাগ৷ প্ৰদীপ নাগে ছাত্ৰ অৱস্থাৰ পৰাই ছাত্ৰ ৰাজনীতিৰ সৈতে জড়িত আছিল৷ সৰ্বহাৰা আদিবাসী সমাজৰ হকে ছাত্ৰ অৱস্থাৰ পৰাই কাম কৰিবলৈ আৰম্ভ কৰিছিল৷ বিভিন্ন কাৰ্যসূচীত অংশ গ্ৰহণ কৰিছিল৷ কলেজীয়া সময়ত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সৈতে জড়িত হয়৷ কম সময়ৰ ভিতৰতে জনপ্ৰিয়তা লাভ কৰি কেন্দ্ৰীয় সমিতিত স্থান লাভ কৰিছিল৷ ২০১৬ চনত সংগঠনটোৰে কেন্দ্ৰীয় সমিতিৰ শীৰ্ষ নেতৃত্বত আছিল নাগ৷ নাগে ছাত্ৰ অৱস্থাৰ পৰাই আদিবাসী ছাত্ৰ-ছাত্ৰীৰ সমস্যাসমূহক প্ৰাধান্য দি কিছু দাবী উত্থাপন কৰিবলৈ আৰম্ভ কৰিছিল৷ আদিবাসী সমাজৰ ছাত্ৰৰ বাবে জলপানি বৃদ্ধি, শৈক্ষিক ঋণ দিয়াৰ ব্যৱস্থা কৰা, ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কোচিং দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰি আহিছে৷ লগতে অসমত বসবাস কৰা চাহ জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ বিষয়ত সৰৱ ভূমিকা পালন কৰি আহিছে৷ সংগঠনৰ সৈতে জড়িত থকাৰ লগতে একেৰাহে সমাজসেৱা, স্থানীয় অনুষ্ঠান-প্ৰতিষ্ঠান, সভা-সমিতিৰ সৈতে জড়িত হৈ আছিল৷ সমাজৰ হিতৰ বাবে কাম কৰা তথা জনজাতীয় সমাজৰ বাবে সংগ্ৰাম কৰা নেতাগৰাকীয়ে অতি কম বয়সতে পৃথিৱীৰ পৰা বিদায় ল’বলগীয়া হয়৷ দীৰ্ঘদিনে নাগক পৰিয়ালে অসমত চিকিৎসা কৰি আছিল৷ ১৫ মাৰ্চত উন্নত চিকিৎসাৰ বাবে গুৰুগ্ৰামলৈ লৈ যোৱা হৈছিল। অসম চৰকাৰৰ সহযোগত ৰাজ্যৰ বাহিৰলৈ নি চিকিৎসাৰ ব্যৱস্থা কৰা বুলি জানিব পৰা যায়৷ জনগোষ্ঠীয় নেতাগৰাকীৰ মৃত্যুৰ খবৰ সমগ্ৰ অসমবাসীক শোকাহত কৰে৷ তেওঁৰ মৃত্যুত বিভিন্ন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে৷ একেটা দিনত আছাৰ আঞ্চলিক সমিতিৰ নেতা এজনেও দীৰ্ঘদিন ধৰি চিকিৎসাধীন অৱস্থাত তাকি আজি মৃত্যুক আকোৱালি লয়৷ কুমাৰীকাটা আঞ্চলিক আছাৰ সাধাৰণ সম্পাদক চন্দ্ৰাই চৰেণে ২৭ বছৰ বয়সত অকাল মৃত্যুক আকোৱালি লয়। লিভাৰ চিৰোচিচ ৰোগত আক্ৰান্ত হৈ ৰঙিয়াৰ স্পৰ্শ হাস্পতালত চিকিৎসাধীন হৈ আছিল। আজি চন্দ্ৰাই চৰেণে অৱস্থাত অত্যাধিক অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰে যদিও ৰঙিয়াৰ পৰা গুৱাহাটী অভিমুখে আহি থকাৰ সময়তে বাইহাটা চাৰিআলিত বাহনৰ ভিতৰতে মৃত্যুক আকোৱালি লয়। চন্দ্ৰাই চৰেণৰ মৃত্যুক কুমাৰীকাটা অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে৷ বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰিছে৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নাগৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে৷ মুখ্যমন্ত্ৰীয়ে তেওঁৰ অকাল বিয়োগৰ খবৰ শুনি অতি মৰ্মাহত হোৱা বুলি প্ৰকাশ কৰি কয় যে আমাৰ আদিবাসী সমাজৰ হকে বলিষ্ঠ কণ্ঠৰে মাত মাতি আদিবাসী ভাই-ভনীসকলৰ আপোন হৈ পৰা নাগ ডাঙৰীয়াৰ বিয়োগ অসমৰ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি৷ তেখেতৰ অৱদান সদায়ে আদিবাসী সমাজ তথা অসমবাসীয়ে মনত ৰাখিব৷ নাগ ডাঙৰীয়াৰ বিদেহ আত্মাৰ চিৰশান্তিৰ অৰ্থে ঈশ্বৰৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলো। আদিবাসী ছাত্র সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ নাগৰ অকাল বিয়োগক লৈ চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা অমিত নাগৰে গভীৰ শোক প্ৰকাশ কৰিছে৷

  • Related Posts

    তিনি বছৰৰ মূৰকত ‘ইষ্টাৰ যুদ্ধবিৰতি’, ইউক্ৰেইনৰ বিৰুদ্ধে অস্থায়ী যুদ্ধবিৰতি ৰাছিয়াৰ

    ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা ৰক্তাক্ত যুদ্ধক তিনিবছৰৰ মূৰকত যুদ্ধ বিৰতি ঘোষণা কৰা হৈছে৷ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে একপক্ষীয়ে যুদ্ধবিৰতি ঘোষণা কৰিছে৷ ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ একপক্ষীয় ইষ্টাৰ যুদ্ধবিৰতি ঘোষণা…

    শিৱসাগৰত মিত্ৰতা নকৰাত কংগ্ৰেছক আক্ৰমণ অখিলৰ, গৌৰৱ গগৈ আৰু বিজেপিৰ লগত সম্পৰ্কৰ অভিযোগ

    ৰাইজৰ দলৰ নেতা আৰু শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলৰ সৈতে মিত্ৰতা নকৰাৰ বাবে তীব্ৰ সমালোচনা কৰি আহিছে। গত ছয়মাহ ধৰি তেওঁ কংগ্ৰেছক মিত্ৰতাৰ প্ৰস্তাৱ দি অহা সত্ত্বেও…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…