
চেঙাত ইতিহাস থিয়েটাৰৰ নাট মঞ্চস্থ হৈ থকাৰ সময়তে সংঘটিত হ’ল এক অঘটন।
‘মহাৰাজ’ নাটকৰ সময়ত দৰ্শকৰ মাজেৰে বাইক চলাই যাওতে বাইকসহ বাগৰি পৰিল অভিনেতা যতীন বৰা।
এই আকস্মিক দুৰ্ঘটনাত ৭ জন দৰ্শক আহত হোৱা বুলি জানিব পৰা গৈছে।
বুধবাৰে বৰপেটাৰ চেঙাত ইতিহাস থিয়েটাৰে মঞ্চস্থ কৰিছিল এই বৰ্ষৰ জনপ্ৰিয় নাটক অভিজিৎ ভট্টাচাৰ্যৰ ‘মহাৰাজ’।
ইফালে এই অকল্পনীয় দুৰ্ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যতীন বৰাইও।
থিয়েটাৰৰ মঞ্চত এনেধৰণৰ টেকনিকেল ঘটনা ঘটি যায় বুলি মন্তব্য অভিনেতাজনৰ।
আহতসকলৰ ঘৰলৈও তেওঁ যাব বুলি সংবাদ মাধ্যমক জনায় যতীন বৰাই।
উল্লেখ্য যে, সুদীৰ্ঘ ৬ বছৰৰ মূৰত এইবাৰ ইতিহাস থিয়েটাৰৰ জৰিয়তে ভ্ৰাম্যমাণ জগতলৈ প্ৰত্যাৱৰ্তন ঘটাইছে যতীন বৰাই।