উমৰাংছুত ৭০ ঘণ্টীয়া অভিযানৰ অন্তত এটা মৃতদেহ উদ্ধাৰ, জাগুন, টিপং, লিডু, মাৰ্ঘেৰিটাত অবৈধ খনন

উমৰাংছুৰ অবৈধ কয়লা খনিত আৱদ্ধ শ্ৰমিকসকলৰ উদ্ধাৰ অভিযানৰ আজি চতুৰ্থ দিন৷ কালি অতি কষ্টৰে এটা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰকাৰী দলে৷ কিলা পুৱাৰ ভাগত পেৰা ২১ৰ ডুবাৰেৱে ভিতৰত সোমাইছিল৷ কিছু সময় পাছতে মৃতদেহটো উলিয়াই আনিবলৈ সক্ষম হয়৷ উদ্ধাৰ হোৱা মৃতদেহটো নেপালৰ উদয়পুৰ জিলাৰ খনিকৰ্মী গংগা বাহাদুৰ শ্ৰেষ্ঠৰ বুলি চিনাক্ত কৰা হৈছে। এই পৰ্যন্ত অবৈধ খনিটোত কিমানজন শ্ৰমিক আৱদ্ধ হৈ আছে সেয়া কাৰোৰে হাতত প্ৰকৃত তথ্য নাই৷ শ্ৰমিকসকসল জীৱিত আছে নে আটাইকেইজনৰ মৃত্যু হৈছে সেই তথাও কাৰোৰে হাতত নাই৷ বৰষুণৰ পাছতে জাৰৰ প্ৰকোপ বৃদ্ধি পোৱাৰ লগতে আকাশ মেঘাচ্ছন্ন হৈ পৰাত পোহৰৰ ব্যৱস্থাত সমস্যাত পেলাইছে ডুবাৰুক৷ প্ৰথম দিনটোত স্থানীয় প্ৰশাসনে অভিযান চলোৱাৰ পিছতে সেনাই অভিযানৰ দায়িত্ব লৈছিল৷ ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনী, ৰাজ্যিক দুৰ্যোগ নিৰ্বাপক বাহিনীৰ সহযোগত বৰ্তমান ভাৰতীয় সেনা, নৌ সেনাৰ নেতৃত্বত উদ্ধাৰ অভিযান চলি আছিল যদিও বৰষুণত ফলত কেইটামান ঘণ্টা অভিযান স্থগিত ঘোষণা কৰিছিল৷ সেনা আৰু নৌ সেনাই বিশেষ বিমানেৰে পানী নিষ্কাশণৰ বাবে অত্যাধিক মেচিন এটা আনিছে৷ লগতে অ’এনজিচিৰ পৰা এটা পানী নিষ্কাষণৰ অত্যাধুনিক মেচিন অনা হৈছে৷ পূৰ্বে পানী নিষ্কাশনৰ মেচিন ব্যৱহাৰ কৰে যদিও এই অভিযান সফল কৰিবলৈ যাওতে বাৰে বাৰে পানী বিৰাট প্ৰত্যাহ্বান হৈ পৰিছে৷ প্ৰথমে পানী নিষ্কাশন কৰিব পাৰিলেহে গোটেই কেইটা মৃতদেহ ৩০০ ফুট দৈৰ্ঘ্যৰ সুৰংগটোৰ পৰা উলিয়াই আনিবলৈ সম্ভৱ হ’ব৷ বিশাখাপট্টনমৰ পৰা অহা নৌ সেনাৰ বিশেষ দলেটাত আছে বিশেষজ্ঞ ডুবাৰু৷ এই ডুবাৰুৱে অভিযানত বিশেষভাৱে সহায় কৰিছে বুলি জানিব পৰা গৈছে৷ উদ্ধাৰ অভিযানত থাকিব অ’এনজিচি আৰু ক’ল ইণ্ডিয়াৰ এটা বিশেষজ্ঞৰ দল৷ উদ্ধাৰ অভিযানস্থলীত উপস্থিত থকা সেনা আৰু নৌ সেনাৰ বিষয়াই কয় যে গভীৰ পানীৰ সুৰংগত অভিযান চলোৱাৰ স,ময়ত প্ৰত্যাহ্বান হৈ পৰিছে পানী৷ বাৰে বাৰে পানী ভৰি অহাত অভিযানত সফলতা লাভ কৰিব পৰা হোৱা নাই৷ যাৰ বাবে আমি অত্যাধুনিক যন্ত্ৰ-পাতি অনাৰ ব্যৱস্থা কৰিছো৷ খনি আৰু খনিজাত বিভাগৰ মন্ত্ৰী কৌশিক ৰায়, জিলাখনৰ অভিভাৱক মন্ত্ৰী ৰূপেশ গোৱালা, ডিমা হাচাও স্বাসত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী দেৱলাল গাৰ্লোছা৷ নেপাল, পশ্চিমবংগ আৰু ৰাজ্যৰ কেইবাটাও দৰিদ্ৰ পৰিয়ালৰ কেইবাগৰাকী খাটিখোৱা শ্ৰমিক আৱদ্ধ হৈ থকাত পৰিয়ালসমূহত কান্দোনৰ ৰোল শুনা গৈছে৷ আৱদ্ধ একাংশ শ্ৰমিকৰ পৰিয়ালৰ লোক উদ্ধাৰ অভিযানথলীত উপস্থিত হৈ আপোনজনক চাবলৈ ৰৈ আছে৷ কিন্তু তেওঁলোকে নাজালে তেওঁলোকৰ আপোনজন জীৱিত আছে নে নাই৷ তৃতীয় দিনটোত গুৱাহাটীৰ পৰা প্ৰথমগৰাকী আৰক্ষী বিষয়া উপস্থিত হয়৷ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়৷ সিঙে সময় ধৈৰ্য ধৰিবলৈ আহ্বান জনাইছে৷ সুৰংগৰ পৰা পানী নিষ্কাশনৰ প্ৰচেষ্টা অব্যাহত আছে, যদিও পানীৰ স্তৰ হ্ৰাস হোৱা নাই। আমি আশা কৰো যে আৰঅ’ভি সুৰংগবোৰত প্ৰৱেশ কৰাৰ পিছত পৰিস্থিতিৰ এক স্পষ্ট ছবি পাম৷ ভাৰতীয় সেনা, নৌ সেনা আৰু এনডিআৰএফৰ ডুবাৰুৱে নেৰানেপেৰা অভিযান চলাই গৈছে যদিও ৰাজ্য চৰকাৰৰ তৎপৰতা অতি লক্ষ্যণীয়৷ অবৈধভাৱে ৰেট হল মাইনিং কৰা বুলি প্ৰমাণিত খনিটো অসম খনিজ উন্নয়ন নিগম আওতাত নাছিল৷ তাৰ মানে খনিটোত অবৈধভাৱে খনন কৰা হৈছিল৷ এই খনন কাৰ্য চলাইছিল খোদ বিজেপিৰ নেতা তথা ডিমা হাচাও স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী দেৱলাল গাৰ্লোছাৰ পত্নী কণিকা হোজায়ে৷ এই অভিযোগ স্থানীয় লোক আৰু একাংশ নাম প্ৰকাশত অনিচ্ছ্যূক একাংশ বিজেপি নেতাই প্ৰকাশ কৰিছে৷ বিজেপি নেতা তথা উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদৰ মুখ্য কাৰ্যবাহী দেৱলাল গৰলোছাৰ পত্নী কণিকা হোজাইয়ে খন্দা গাতত পৰা শ্ৰমিক আৱদ্ধ হৈ থকাত ৰাজ্য চৰকাৰে কণিকা হোজাইৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ সাহস গোটাব পৰা নাই৷ বিৰোধীৰ একাংশ নেতাৰ মতে, কণিকাই স্থানীয় প্ৰশাসনে ৰক্ষণা-বেক্ষণ দিছে৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাটো দূৰৰ কথা দেৱলালৰ পত্নী কণিকাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব পৰা নাই৷ কেৱল এজন মেনেজাৰক গ্ৰেপ্তাৰ কৰি দায়িত্ব সামৰিছে প্ৰশাসনে৷ বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাতে মাৰ্ঘেৰিটাৰ পৰা উমৰাংছুলৈকে অবৈধ কয়লা খনিসমূহ মৃত্যু উপত্যকাত পৰিণত হৈছে। কেৱল উমৰাংছুতে নহয়৷ জাগুন, টিপং, লিডু, মাৰ্ঘেৰিটা, জিচুবাই, কয়লাজান, লার্বো, আৰ্ধা আদি ঠাইত অবৈধ কয়লাৰ ৰেট হোল মাইনিং আৰু সৰবৰাহ অব্যাহত আছে৷ মাৰ্ঘেৰিটা আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ পাটকাই পৰ্বতত উমৰাংছুত অভিযান চলি থকাৰ সময়তো চোৰাং কয়লা ব্যৱসায়ীয়ে খনন চলাই গৈছে।

  • Related Posts

    ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি, কবি নীলিম কুমাৰক ‘কুসুমাগ্ৰজ ৰাষ্ট্ৰীয় বঁটা’

    অসমৰ আধুনিক অসমীয়া কবিতাৰ জগতত অন্যতম নাম হৈছে নীলিম কুমাৰ৷ নীলিম কুমাৰৰ কবিতা ৰাজ্যৰ লগতে ৰাষ্ট্ৰব্যাপি চৰ্চিত হৈ আহিছে৷ পেচাত চিকিৎসক নীলিম কুমাৰে ১৯৮৪ চনৰ পৰা কবিতাৰ চৰ্চা কৰিছিল৷ অসমৰ…

    গাফিলতা কৰিছিল অভিযন্তা-ঠিকাদাৰে, ভাঙি পেলোৱা হ’ব পাৰে ২০০৪ত নিৰ্মাণ কৰা ছয়মাইল সেঁতু

    গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ গণেশগুৰি-খানাপাৰা সংযোগী পথত নিতৌ পথচাৰীয়ে যমৰ-যাতনা ভূগিবলীয়া হৈছে৷ অসম সচিবালয়, প্ৰশাসনিক কলেজ, পশু চিকিৎসা মহাবিদ্যালয়, চাহ নিলাম কেন্দ্ৰ, ব্যক্তিগত-চৰকাৰী বহু কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীৰ আহ-যাহত ব্যৱহাৰ কৰা সদাব্যস্ত গণেশগুৰি-খানাপাৰা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    প্ৰতিবাদী কৃষকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ…

    প্ৰতিবাদী কৃষকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ…