আগন্তুক ২০২৬ চনৰ নিৰ্বাচনত ৰাজ্যৰ কোন সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব যোৰহাটৰ সাংসদ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈয়ে৷ এই চৰ্চাৰ মাজতে কংগ্ৰেছৰ এটা ব্লক সমিতিয়ে কিছু কথা স্পষ্ট কৰাত গৌৰৱ গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া সমষ্টিটোৰ নামক লৈ চৰ্চা হ’ব ধৰিছে৷ উজনি অসমৰ পৰাই গৌৰৱ গগৈয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব যদিও সমষ্টিটো যোৰহাট জিলাৰ নহয়৷ সমষ্টি হ’ব গোলাঘাট জিলাৰ৷ গোলাঘাট সদৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব গৌৰৱ গগৈয়ে৷ যদি তেনেই হয় তেন্তে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব বিত্তমন্ত্ৰী তথা মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ অজন্তা নেওগ৷ বিগত ২৫ বছৰে সমষ্টিটোৰ পৰা বিধায়ক হৈ অজন্তা নেওগে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন যে হ’ব সেয়া ঠিৰাং৷
শুকুৰবাৰে গোলাঘাট জিলাৰ গমাৰিগুৰি ব্লক কংগ্ৰেছেৰ সম্পাদক নকুল মুছাহাৰীয়ে মেৰাপানীত এখন সংবাদমেল সম্বোধন কৰি গৌৰৱ গগৈয়ে গোলাঘাটত নিৰ্বাচন খেলাৰ ইংগিত দিছিল৷ গৌৰৱ গগৈক গোলাঘাট সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদান কৰিবলৈ আহ্বানো জনায়৷ নকুল মুছাহাৰীয়ে দাবী কৰি কয় যে গৌৰৱ গগৈৰ প্ৰাৰ্থীত্বৰ কথা অৱগত হৈ কংগ্ৰেছৰ নেতা-কৰ্মী প্ৰতি উৎসাহি আৰু দলত যোগদানৰ জোৱাৰ উঠিছে। নিষ্ক্ৰিয় কংগ্ৰেছ নেতা-কৰ্মীয়ে দলক শক্তিশালী কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিছে।
জানিব পৰা মতে, গোলাঘাট সমষ্টিৰ বিভিন্ন সভা-সমিতিত উপস্থিত থাকি সমষ্টিটোৰ সাংগঠনিক ভেটি টনকীয়াল কৰিবলৈ গোপনে কাম কৰি গৈছে গৌৰৱ গগৈয়ে৷ দলৰ নেতা-কৰ্মীৰ সৈতে যোগাযোগ ৰক্ষা কৰি গগৈয়ে কাম কৰি গৈছে৷ যাক লৈ উৎসাহী গোলাঘাটৰ জিলা কংগ্ৰেছৰ নেতা-কৰ্মীসকল।