
সাংসদ পুঁজিৰ বিত্তীয় অনিয়ম সন্দৰ্ভত সংঘটিত হোৱা ভয়ংকৰ কেলেংকাৰীৰ পটভূমিত ৰাজ্য চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। বিভাগীয় তদন্তৰ ভিত্তিত এজন এচিএছ বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত আৰু তিনিগৰাকী বিষয়াক নিলম্বন কৰা হৈছে।
চাকৰিৰ পৰা বৰ্খাস্ত হোৱা বিষয়া হ’ল শৰ্মিষ্ঠা বৰা। তেওঁ ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ কেলেংকাৰীত নাম জড়িত থকা অভিযোগৰ মুখামুখি হৈছিল। তদন্তত তেওঁ দোষী প্ৰমাণিত হোৱাৰ পাছত ৰাজ্য চৰকাৰে এক নিৰ্দেশনাৰে তেওঁৰ চাকৰি শেষ কৰাৰ সিদ্ধান্ত লৈছে।
উল্লেখযোগ্য যে, ২০২৩ চনৰ ২৫ এপ্ৰিলত সাংসদ অজিত কুমাৰ ভূঞাই নিজেই সাংসদ পুঁজিৰ কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰিছিল। মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে আৰম্ভ কৰা তদন্তত মুঠ ৭ কোটি টকাৰ অনিয়মৰ তথ্য পোৱা গৈছিল। গোচৰ নম্বৰ ২/২০২৩ ৰ অধীনত এই সন্দৰ্ভত ১৪ গৰাকী ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়।
তদন্তৰ ফলত এচিএছ বিষয়াসকল শৰ্মিষ্ঠা বৰা, সুকন্যা বৰা, হেমন্ত কুমাৰ দত্ত, আৰু মুনীন্দ্ৰ বৰদলৈৰ নাম অভিযুক্তৰ তালিকাত উঠে আহে। লগতে ঠিকাদাৰ অৰূপ কলিতা আৰু আন ৮ গৰাকী লোককো অভিযুক্ত হিচাপে চিহ্নিত কৰা হয়।
শৰ্মিষ্ঠা বৰাক পূৰ্বে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হৈছিল, যদিও তেওঁ দিয়া উত্তৰ সন্তোষজনক নোহোৱাৰ বাবে বিভাগীয় তদন্তৰ ভিত্তিত তেওঁক চাকৰিৰ পৰা স্থায়ীভাৱে বৰ্খাস্ত কৰা হয়।
এই ঘটনাই ৰাজ্যিক প্ৰশাসনত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। চৰকাৰৰ এই কঠোৰ পদক্ষেপে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ মনোভাৱৰ প্ৰতিফলন বহন কৰে।