এজন মাৰোৱাৰীৰ বাবে সমগ্ৰ বহিৰাগতই সন্মুখীন হ’ব লাগিব বিষম পৰিস্থিতিৰ! কঠোৰ সকিয়নী আলফা স্বাধীনৰ

গুৱাহাটীঃ শিৱসাগৰৰ মজিয়াত এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈক বহিৰাগত ব্যৱসায়ীৰ এটা দলে সংঘটিত কৰা আক্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে জিলাখনত।

শিৱসাগৰত বহিৰাগতৰ দপদপনি বন্ধ কৰাৰ দাবীৰে আৰু অভিযুক্ত ব্যৱসায়ী কেইজনক শীঘ্ৰে আইনী শাস্তি বিহাৰ দাবীৰে শিৱসাগৰৰ ৰাজপথ কঁপাইছে ৩০টাতকৈও অধিক দল-সংগঠন আৰু সহস্ৰাধিক অসমীয়া ৰাইজে।

এই সকলোবোৰৰ মাজতে দিছপুৰ থানাত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰক লৈ এইবাৰ সৰৱ হৈ পৰিছে আলফা স্বাধীন।

এক বিবৃতিযোগে শৃংখল চলিহাৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ শীঘ্ৰে উঠাই ল’বলৈ সকিয়নী প্ৰদান কৰিছে পৰেশপন্থী আলফাই।

উল্লেখ্য যে, মাৰোৱাৰী যুৱ মঞ্চকে ধৰি অনা-অসমীয়া সম্প্ৰদায়সমূহক ভীতি প্ৰদৰ্শন কৰাৰ অভিযোগ তুলি দিছপুৰ থানাত শৃংখল চলিহাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল গৌৰৱ সোমানী নামৰ এজন লোকে।

এই এজাহাৰৰ প্ৰসংগতে এক প্ৰেছ বিবৃতি জাৰি কৰি বহিৰাগত আৰু আৰক্ষীক কঠোৰ সকিয়নী প্ৰদান কৰে আলফা স্বাধীনে।

আলফা স্বাধীনে কয় যে শিৱসাগৰত বহিৰাগতৰ দপদপনিৰ বিৰুদ্ধে ৩০ সংগঠন আৰু স্থানীয় ৰাইজে কৰা প্ৰতিবাদ তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ।

আনহাতে যদি গৌৰৱ সোমানী নামৰ লোকজনে শৃংখল চলিহাৰ বিৰুদ্ধে এজাহাৰ উঠাই নলয়, তেন্তে এজন মাৰোৱাৰীৰ বাবে অসমৰ সমগ্ৰ বহিৰাগতই বিষম পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব বুলিও সকিয়নী প্ৰদান কৰে আলফা স্বাধীনে।

  • Related Posts

    হিমন্ত বিশ্ব শৰ্মাৰ অজ্ঞাতে আলফাৰ ম্যানমাৰৰ শিবিৰত আক্ৰমণ সম্ভৱ নহয়ঃ গৌৰৱ গগৈ

    ম্যানমানস্থিত আলফা স্বাধীনৰ শিবিৰত ড্ৰোন আৰু মিছাইল আক্ৰমণৰ ফলত তিনি আলফা নেতা শ্বহীদ হোৱাৰ খবৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অসমত৷ আলফা স্বাধীনৰ শিবিৰত হোৱা আক্ৰমণৰ কথা অসম চৰকাৰে অৱগত নহয়…

    অৰুণাচলত অসমৰ যুৱকক হত্যা, সীমান্ত পথ অৱৰোধৰ সময়ত উত্তপ্ত পৰিস্থিতি

    বিহালীৰ তিনিসুঁতি আৰক্ষী চকীৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তৰ বগীজুলীৰ অঞ্চলত শংকৰ পেগু (২৯) নামৰ এজন যুৱকক অৰুণাচল প্ৰদেশত নৃশংসভাৱে হত্যা কৰা ঘটনা পোহৰলৈ আহিছে। অভিযোগ অনুসৰি, ১৩ জুলাই তাৰিখে অৰুণাচলৰ ৰয়িং-ডিবাং…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে