
অসম চৰকাৰৰ দুদিনীয়া বিনিয়োগ সন্মিলন এডভাণ্টেজ অসম ২.০ই আজি সফল সমাপ্তি পৰিল। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত এই কাৰ্যসূচীত মুঠ ৪.৯১ লাখ কোটি টকাৰ বিনিয়োগ চুক্তি স্বাক্ষৰৰ ঘোষণা কৰা হ’ল। দেশ-বিদেশৰ প্ৰায় ৫০০০ গৰাকী উদ্যোগী, কেন্দ্ৰীয় মন্ত্ৰী, আৰু বিনিয়োগকাৰীৰ উপস্থিতিত স্বাস্থ্য, শিক্ষা, শক্তি, উৎপাদনকে ধৰি বিভিন্ন খণ্ডত ২৭৮টা চুক্তিৰে অসমৰ উন্নয়নৰ বাট মুকলি কৰা হৈছে।
মুখ্যমন্ত্ৰীয়ে ভাষণত কয় যে আৱেগত জাতি এটা গঢ়িব নোৱাৰি। আমাক দক্ষ মানৱশক্তি গঢ়িব লাগিব, নহ’লে বাহিৰৰ পৰা মানুহ আনিবলৈ হয়।” তেওঁ ২০১৪ৰ পিছৰ পৰা অসমৰ অৰ্থনৈতিক পৰিৱৰ্তনৰ কথা উল্লেখ কৰি কয়, “এসময়ত আমাৰ সপোনতো এনে বিনিয়োগ নাছিল। আজি নিৰ্ধাৰিত লক্ষ্যতকৈয়ো বেছি বিনিয়োগ হৈছে। এইখন অসমক ভাৰতৰ অগ্ৰণী ৰাজ্য হিচাপে গঢ়াৰ যাত্ৰা।”
আজিৰ গুৰুত্বপূৰ্ণ বিনিয়োগৰ তালিকা:
ষ্টাৰ চিমেণ্ট: ৩,২০০ কোটি টকাৰে শিল্প স্থাপন।
আদানি গ্ৰুপ: বিমানবন্দৰ, গেছ বিতৰণ, চিমেণ্টকে ধৰি ৫০,০০০ কোটি টকাৰ প্ৰতিশ্ৰুতি।
মেথেচন হাইড্ৰজেন: ১,৫০০ কোটি টকাৰে শক্তি খণ্ডত।
বিৰিঞ্চি লিমিটেড: ৩,০০০ কোটি টকাৰে চিকিৎসালয় আৰু স্বাস্থ্যসেৱা।
গ্ৰব্লেল হেল্থ: ৫০০ কোটি টকাৰ বিনিয়োগ।
আন্তঃগাঁথনিৰ মহাপৰিকল্পনা:
কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে ঘোষণা কৰা প্ৰকল্পসমূহৰ ভিতৰত উল্লেখযোগ্য:
ব্ৰহ্মপুত্ৰ-বৰাক এক্সপ্ৰেছৱে: গুৱাহাটী-বৰাপানী সুৰংগেৰে যাত্ৰা সময় ৫ ঘণ্টালৈ হ্ৰাস।
গুৱাহাটী-ডিব্ৰুগড় এক্সপ্ৰেছৱে: ৫ ঘণ্টাত যাত্ৰা সম্পূৰ্ণ।
ব্ৰহ্মপুত্ৰ নদীৰ গভীৰতা বৃদ্ধি: ২.৬ মিটাৰলৈ খন্দা কৰি জাহাজ চলাচলৰ সুবিধা।
জিলাভিত্তিক বিনিয়োগ:
বৰপেটা: ২০ কোটি টকাৰ ৭৫টা চুক্তি।
গোৱালপাৰা: ৬০.৩৩ কোটি টকাৰ ২২টা চুক্তি।
বিশ্বনাথ: ৫০খন চুক্তিৰে ৪৫ গৰাকী বিনিয়োগকাৰী।
স্বাস্থ্য আৰু শিক্ষাখণ্ডত বিপ্লৱ:
মাধৱী লতাৰ বিৰিঞ্চি লিমিটেডে খানাপাৰাত বিনামূলীয়া চিকিৎসাৰ সুবিধাযুক্ত চিকিৎসালয় স্থাপন কৰিব। লগতে অসমত প্ৰথমবাৰৰ বাবে কেন্সাৰৰ প্ৰ’টন বীম থেৰাপী আৰম্ভ হ’ব বুলি ঘোষণা কৰা হৈছে।
মুখ্যমন্ত্ৰীৰ সংকল্প:
“এই বিনিয়োগবোৰক বাস্তৱ ৰূপ দিম। অসমক ভাৰতৰ মহাশক্তি হিচাপে গঢ়িম। প্ৰধানমন্ত্ৰী মোদীৰ ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ দিশত এয়া আমাৰ অগ্ৰগতি,” বুলি শৰ্মাই উল্লেখ কৰে।
এডভাণ্টেজ অসম ২.০ই ৰাজ্যখনক উত্তৰ-পূৰ্বাঞ্চলৰ বিনিয়োগ আধাৰস্থল হিচাপে প্ৰতিষ্ঠা কৰাৰে ইংগিত দিছে। চৰকাৰী প্ৰাক্তনীসকলৰ মতে, এই উদ্যোগে অসমৰ যুৱক-যুৱতীসকলক প্ৰত্যক্ষভাৱে ৫ লাখতকৈ অধিক নিযুক্তিৰ সুযোগ দিব।