কংগ্ৰেছ এতিয়া অতীত, অগপই হিন্দু-মুছলমানৰ ৰাজনীতি নকৰেঃ পোনাকণ বৰুৱা

আজি ডিব্ৰুগড় জিলাৰ চাবুৱা সমষ্টিৰ লাহোৱালৰ হেজেলবেংকত অসম গণ পৰিষদৰ এখন বিশেষ সাংগঠনিক সভা অনুষ্ঠিত হয়৷ হেজেলবেংক চাহ বাগিচাৰ প্ৰেক্ষাগৃহত অগপৰ ইকৰাতলি আঞ্চলিক সমিতিৰ সভাপতি ৰমেশ গগৈৰ পৰিচালনা অনুষ্ঠিত সাংগঠনিক সভাত দলটোৰ বুকল জিলা পৰিষদৰ অন্তৰ্গত ৫ খন গাঁও পঞ্চায়তৰ কৰ্মীসকল উপস্থিত থাকে৷ সাংগঠনিক সভাত বিধায়ক পোনাকণ বৰুৱা উপস্থিত থাকি বকুল জিলা পৰিষদত পঞ্চায়ত নিৰ্বাচনৰ ৰণশিঙা বজায়। ৪ শতাধিক কৰ্মী উপস্থিত থকা সভাত ১০০ৰ অধিক বিভিন্ন ৰাজনৈতিক দলৰ কৰ্মীয়ে অগপত যোগদান কৰে। পঞ্চায়ত নিৰ্বাচনৰ ৰণশিঙা বজাই বিধায়ক পোনাকণ বৰুৱাই কংগ্ৰেছ দলক অতীত বুলি দোহাৰে৷ বৰুৱাই কয় যে কংগ্ৰেছ এতিয়া অতীত৷ পঞ্চায়ত নিৰ্বাচনক লৈ কংগ্ৰেছে নিজৰ নাম ল’বই নাপায়৷ কংগ্ৰেছৰ দিনত পঞ্চায়তত যিবোৰ প্ৰতিনিধি নিৰ্বাচিত হৈছিল সেইসকলক ৰাইজে জনতাৰ কাম কৰিবলৈ প্ৰতিনিধি নিৰ্বাচিত কৰিছিল৷ কিন্তু প্ৰতিনিধিসকলে দালালি আৰু ঠিকাদাৰ হিচাপে কাম কৰিছিল৷ কংগ্ৰেছৰ দিনত এনে হ’ল যে পঞ্চায়ত মানেই দুৰ্নীতি, পঞ্চায়ত মানেই ভ্ৰষ্টাচাৰ বুলি গ্ৰহণ কৰিছিল৷ যাৰ বাবে কংগ্ৰেছক মানুহে চূড়ান্তভাৱে প্ৰত্যাখ্যান কৰিছে৷ কংগ্ৰেছ আজি গণ বিচ্ছিন্ন৷ কংগ্ৰেছক এতিয়া আৰু আকোৱালি নলয় বুলি তীব্ৰ আক্ৰমণ কৰে বৰুৱাই৷ আনহাতে, ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে নাগপুৰ আৰু দিল্লীৰ পৰা হিন্দু-মুছলমানক লৈ ৰাজনীতি কৰে কিন্তু অসম গণ পৰিষদ দলে জাতি-জনগোষ্ঠী নামত কেতিয়াও ৰাজনীতি নকৰে বুলি মন্তব্য প্ৰদান কৰে অগপ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তথা চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱাই। সভাত সভাত অসম গণ পৰিষদৰ চাহ কোষৰ সভাপতি প্ৰমোদ ভেংৰা, চাবুৱা-লাহোৱাল সমষ্টি সমিতিৰ সভাপতি কৃষ্ণানন্দ দুৱৰা, সম্পাদক বিনোদ বুঢ়াগোহাঁই, নিতুল শইকীয়া, মহিলা পৰিষদৰ উপসভানেত্ৰী অঞ্জলী গগৈ, অগপ নেতা প্ৰভাত চাহু, নেত্ৰী মিনু গোৱালা, ইকৰাতলি আঞ্চলিক সমিতিৰ সম্পাদক বিশ্বজিত সন্দিকৈ উপস্থিত থাকে।

  • Related Posts

    গীতাশ্ৰী তামুলীক লৈ বদৰুদ্দিন আজমলৰ অভব্য মন্তব্য

    অসমৰ ৰাজনৈতিক পৰিসৰত নতুন বিতৰ্ক সূচনা হৈছে। সংখ্যালঘু ৰাজনীতিৰ দল এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলে অখিল গগৈৰ পত্নী, শিক্ষাবিদ আৰু লেখিকা গীতাশ্ৰী তামুলীক লৈ ৰাজহুৱাকৈ “বুঢ়ী” বুলি সম্বোধন কৰাত সমাজ-ৰাজনীতিৰ বিভিন্ন…

    গুৱাহাটীৰ আইআইটিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ৰ উদ্বোধন সৰ্বানন্দ সোণোৱালৰ

    গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানক (আইআইটি) আয়োজিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ যুৱশক্তিক ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত অগ্ৰণী ভূমিকা ল’বলৈ আহ্বান জনায়।…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…