কাৱাড় যাত্ৰাৰ সময়ত দোকানীৰ নাম ৰাজহুৱা কৰিব নালাগে, উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ

পবিত্ৰ কাৱাড় যাত্ৰাক লৈ কেইবাখনো চৰকাৰে দিয়া এক নিৰ্দেশে দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ বিশেষকৈ উত্তৰ প্ৰদেশৰ মোজফ্ফৰনগৰৰ মাজেৰে পাৰ হৈ যাবলগীয়া কাৱাড় যাত্ৰাৰ সময়ত পথৰ দাঁতিৰ ব্যৱসায় প্ৰতিষ্ঠানৰ মালিক আৰু কৰ্মচাৰীৰ নাম ফলকত লিখি ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছিল প্ৰশাসনে৷ এনে নিৰ্দেশনা দিয়াৰ পাছতে বিৰোধী দল আৰু ব্যক্তিবিশেষে তীব্ৰ বিৰোধ কৰে৷ এয়া বৈষম্য আৰু ভেদভাৱৰ পৰিৱেশ সূচনা হ’ব বুলি দাবী কৰিছিল বিভিন্ন দলে৷ উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশ চৰকাৰক কাৱাড় যাত্ৰা পথত দোকানীসকলৰ নাম ৰাজহুৱা কৰিবলৈ জাননী জাৰি কৰিছিল।

তাৰ মাজতে আজি উচ্চতম ন্যায়ালয়ে উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশ প্ৰশাসনক অন্তৱৰ্তীকালীন স্থগিতাদেশ প্ৰদান কৰিছে৷ কাৱাড় যাত্ৰা পথত দোকানীসকলৰ নাম ৰাজহুৱাভাৱে প্ৰদৰ্শন কৰাৰ নিৰ্দেশক স্থগিতাদেশ প্ৰদান কৰিছে৷ ন্যায়াধীশ হৃষীকেশ ৰয় আৰু ন্যায়াধীশ এছ ভি এন ভাট্টিক লৈ গঠিত দুই ন্যায়াধীশৰ বিচাৰপীঠে এই নিৰ্দেশ দিছে। এই গোচৰটোৰ পৰৱৰ্তী শুনানি শুকুৰবাৰে অনুষ্ঠিত হ’ব। উচ্চতম ন্যায়ালয়ে কয় যে নিৰ্দেশনা ৰূপায়ণ কৰা হৈছে৷ খাদ্য বিক্ৰেতাসকলে তেওঁলোকক কেনে ধৰণৰ খাদ্য পৰিৱেশন কৰিছে কোৱাটো প্ৰয়োজনীয়৷ কিন্তু মালিক বা কৰ্মচাৰীৰ নাম ৰাজহুৱা কৰিবলৈ বাধ্য কৰিব নোৱাৰি।

কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিৰ নেতাসকলে কাৱাড়ৰ যাত্ৰা পথত দোকানীসকলৰ নাম ৰাজহুৱা কৰাৰ নিৰ্দেশনাত আপত্তি জনাইছিল৷ সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহক গৰিহণা দি বিভাজনমূলক পদক্ষেপ বুলি অভিহিত কৰিছিল। তৃণমূল কংগ্ৰেছৰ নেত্ৰী মহুয়া মৈত্ৰাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল৷ জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভিয়ে মহুৱাৰ হৈ আদালতত হাজিৰ হয়৷ নাগৰিক অধিকাৰ সুৰক্ষা সংস্থাৰ হৈ জ্যেষ্ঠ অধিবক্তা চিইউ সিং আৰু হুজেফা আহমেদী আবেদনকাৰী অপূৰ্বানন্দ আৰু আকাৰ পেটেলৰ হৈ আদালতত হাজিৰ হৈছিল। কিন্তু সংশ্লিষ্ট ৰাজ্যসমূহৰ কোনো অধিবক্তা আদালতত উপস্থিত নাছিল। অধিবক্তাসকলৰ মুখ্য যুক্তি আছিল যে আদেশটোৱে সমতাৰ অধিকাৰ, অস্পৃশ্যতা আৰু বৈষম্য নিষিদ্ধকৰণ আৰু যিকোনো বৃত্তি বা বাণিজ্য অনুশীলন কৰাৰ অধিকাৰ উলংঘা কৰে।

অভিষেক মনু সিংভিয়ে কয় যে এই আদেশটোৱে জাতিগত বৈষম্যক উৎসাহিত কৰিছে। কোনোবাই নিৰামিষভোজনৰ নামত মাংস খুৱায় বা পৰিচ্ছন্নতাৰ নিয়ম অনুসৰি কাম নকৰে, তেন্তে ইয়াৰ বিৰুদ্ধে আইন আছে। এই আদেশৰ পৰিণামৰ কথা উল্লেখ কৰি কয় যে যিসকল মালিক সংখ্যালঘু নহয় তেওঁলোকে সংখ্যালঘুসকলক নিযুক্তি দিয়া বন্ধ কৰিব। মালিক আৰু কৰ্মচাৰীসকল সংখ্যালঘু হ’ব নালাগে বুলি যুক্তি দিয়া হয়৷ তেনেহ’লে এই যুক্তিত যিসকলে ফল আৰু পাচলি খেতি কৰে তেওঁলোকও সংখ্যালঘু হ’ব নালাগে। জ্যেষ্ঠ অধিবক্তা সিংভিয়ে কয় যে কাৱাড় যাত্ৰা বহু শতাব্দী ধৰি চলি আহিছে কোনো নতুন কথা নহয়। যদি দোকানী এজনে টকা উপাৰ্জন কৰিব বিচাৰে তেন্তে তেওঁ প্ৰচাৰ কৰি ক’ব যে পিয়াজ আৰু নহৰু অবিহনে নিৰামিষ আহাৰ পায়। শুনানিৰ কালত বিচাৰপীঠে সুধিছিল যে নিৰ্দেশনাবোৰ স্বেচ্ছামূলক নেকি, জ্যেষ্ঠ অধিবক্তা চি ইউ সিঙে কৈছিল যে নিৰ্দেশনা পালন নকৰিলে ২,০০০ টকাৰ পৰা ৫,০০০ টকালৈকে জৰিমনা ভৰাব৷

  • Brahmaputra Times

    Related Posts

    আজি মহাঅষ্টমীঃ কোকৰাঝাৰত দেৱী দৰ্শন মুখ্যমন্ত্ৰীৰ…

    ডিজিটেল ডেস্কঃ আজি মহাঅষ্টমী। সেই উপলক্ষে কোকৰাঝাৰৰ বিভিন্ন দুৰ্গা পূজাস্থলীত দেৱী দৰ্শনৰ বাবে উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। পুৱাই হেলিকপ্টাৰ যোগে কোকৰাঝাৰ গ্ৰীণ ফিল্ডত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড০…

    ওমৰ আব্দুল্লা বিধায়িনী দলৰ নেতা নিৰ্বাচিত

    ১০ বছৰৰ মূৰকত জম্মু-কাশ্মীৰত নিৰ্বাচিত চৰকাৰ গঠন হ’ব৷ ৮ অক্টোবৰত ঘোষিত ফলাফল অনুসৰি কংগ্ৰেছ আৰু নেচনেল কনফাৰেন্সে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে৷ ধাৰা ৩৭০ আতৰোৱাৰ পাছৰে পৰা ১০ বছৰে ৰাজ্যপালে চলাই আছিল…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ