

দেশত পুনৰ ৰে’ল দুৰ্ঘটনা সংঘটিত হৈছে৷ পুৱা ৪.৪৫ বজাত চেৰাইকেলা-খাৰচাৱান জিলাৰ সীমান্তৱৰ্তী বাদাবাম্বুৰত এই দুৰ্ঘটনা সংঘটিত হৈছে৷ মঙলবাৰে পুৱা ঝাৰখণ্ডত মুম্বাই-হাওৰা মেইল দুৰ্ঘটনাত পতিত হৈ দুজনকৈ লোক নিহত হোৱাৰ লগতে ২০ জনকৈ লোক আহত হৈছে৷
দক্ষিণ পূব ৰেলৱেৰ চক্ৰধৰপুৰ সংমণ্ডলৰ অন্তৰ্গত জামছেদপুৰৰ পৰা ৮০ কিলোমিটাৰ নিলগত হাওৰা-মুম্বাই মেইলৰ ১৮টা ডবা বাগৰি পৰে৷ জানিব পৰা মতে, হাওৰা-মুম্বাই মেইল ৰেলখন এখন মালবাহী ৰেলৰ সৈতে সংঘৰ্ষ লাগে।