কেনেকৈ ধনী হ’ব? শিকাব মুখ্যমন্ত্ৰীৰ পত্নীয়ে!

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তিৰ তালিকাত পুনৰ যোগ হ’ল ১৮ বিঘা মাটি। দ্য ক্ৰছকাৰেণ্ট নামৰ এটা সংবাদ প্ৰতিষ্ঠানৰ অনুসন্ধানমূলক প্ৰতিবেদনত পোহৰলৈ আহিছে এই তথ্য। প্ৰতিবেদন অনুসৰি, মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই ২০২২ আৰু ২০২৩ চনত দুটা পৰ্যায়ত মুঠ ১৮ বিঘা ৪ কঠা ১৪ লেচা মাটি মাজুলীত ক্ৰয় কৰিছে৷ প্ৰথম পৰ্যায়ত, ২০২২ চনৰ ১৮ মে’ত মাজুলী ৰাজহ চক্ৰৰ অন্তৰ্গত কমলাবাৰী মৌজাৰ টটয়া গাঁৱত ক্ৰয় কৰিছে ১৭ বিঘা ৩ কঠা ১৮ লেচা কৃষিভূমি৷ ৰিণিকি ভূঞা শৰ্মাই একা ইষ্টেটছৰ নামত ক্ৰয় কৰিছে দাগ নং ১৪৯৭ আৰু পট্টা নং ১৪২২ৰ এই মাটিখিনি৷ দ্বিতীয় পৰ্যায়ত ২০২৩ চনৰ ৯ জুনত মুখ্যমন্ত্ৰীৰ পত্নীয়ে একেখন গাঁৱতে দাগ নং ১০২৫ আৰু পট্টা নং ২৯৪ত ক্ৰয় কৰিছে ১ বিঘা ১৬ লেচা মাটি৷ এই মাটিখিনিও এক্কা ইষ্টেটছৰ নামত ক্ৰয় কৰিছে৷ এনেকৈ মাজুলী ৰাজহ চক্ৰৰ অন্তৰ্গত কমলাবাৰী মৌজাৰ টটয়া গাঁৱত ৰিণিকি ভূঞা শৰ্মাই এক্কা ইষ্টেটছৰ নামত ক্ৰয় কৰিছে মুঠ ১৮ বিঘা ৪ কঠা ১৪ লেচা ভূমি৷ প্ৰতিবেদন অনুসৰি, ২৫ ডিচেম্বৰ, ২০২০ত একা ইষ্টেটছ এল এল পি নামৰ ৰিয়েল ইষ্টেট কোম্পানীটো গঠন কৰিছিলমুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ সৈতে ইয়াত অংশীদাৰীত্ব আছে মুখ্যমন্ত্ৰীৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ৷

মন কৰিবলগীয়া যে, শেহতীয়াকৈ অসম বিধানসভাত গ্ৰহণ কৰা অসম ভূমি আৰু ৰাজহ অধিনিয়ম (দ্বিতীয় সংশোধনী) বিধেয়ক, ২০২৪মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে ২৫০ বছৰ পুৰণি প্ৰত্নতাত্বিক স্থানসমূহৰ ৫ কিলোমিটাৰ ব্যসাৰ্ধত বাহিৰা লোকৰ বাবে ভূমি ক্ৰয় বিক্ৰয় বন্ধ কৰা হৈছে৷ কিন্তু মাজুলীৰ ক্ষেত্ৰত সমগ্ৰ জিলাখনৰ ক্ষেত্ৰতে এই নিষেধাজ্ঞা বলবৎ হ’ব৷ তিনিটা প্ৰজন্ম ধৰি মাজুলীত বাস কৰা লোকেহে এতিয়াৰ পৰা মাজুলীত মাটি কিনা বেচা কৰিব পাৰিব৷ কিন্তু মাজুলীক এই আইনৰ আওতাৰ পৰা আতৰত ৰখা হ’ল। মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ স্বাৰ্থতেই মাজুলীক এই আইনৰ পৰা বাহিৰত ৰখা হ’ল নেকি বুলি এতিয়া সচেতন মহলত আৰম্ভ হৈছে তীব্ৰ চৰ্চা।

আনফালে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তি বৃদ্ধি সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ মন্তব্য, এটা পৰিয়ালৰ হাতলৈ কেনেকৈ ইমান বগা টকা আহিছে? এই কৌশল সেই সকলক শিকাব লাগে, যাৰ সন্তানৰ স্কুল ফীজ দিবলৈ অসুবিধা হয়, তেওঁলোকক শিকাব লাগে যাৰ দৰমহাহাজিৰা বৃদ্ধি হোৱা নাই। মুখ্যমন্ত্ৰীৰ পত্নীক অসমৰ মহিলাসকলক এই কৌশল শিকাবলৈ আহ্বান জনায় ভূপেন বৰাই। এতিয়া লক্ষণীয় হ’ব ৰিণিকি ভূঞা শৰ্মাই এই কৌশল অসমৰ মহিলা তথা সাধাৰণ জনতাক শিকায় নে নিশিকায়।

  • Brahmaputra Times

    Related Posts

    জনতা ভৱনত ধৰা পৰা খকুৱা পাৰ্থৰ ঘৰত টকাৰ উজান, উদ্ধাৰ হ’ল ৪৭ লাখ

    ডিজিটেল ডেস্কঃ  এইবাৰ অসম চৰকাৰৰ বৰঘৰতে হাত দাঙিলে এজন আবকাৰী বিষয়াই ৷ ৰাজ্য প্ৰশাসনৰ হৃদপিণ্ড জনতা ভৱনতে হাত দাঙিলে এজন আবকাৰী বিষয়াই । অভিযুক্ত ঘোচখোৰ আবকাৰী বিষয়াজন পাৰ্থ হাজৰিকা ৷…

    বহিঃৰাষ্ট্ৰৰ পৰা নিয়ন্ত্ৰণ হয় কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ ছ’চিয়েল মিডিয়া: জয়ন্ত মল্ল

    ডিজিটেল সংবাদঃ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ ছ’চিয়েল মিডিয়াৰ হেণ্ডেল বহিঃৰাষ্ট্ৰৰ পৰা নিয়ন্ত্ৰণ হয় বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অভিযোগ কৰিছে। সামাজিক মাধ্যমত মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ শীৰ্ষ নেতাসকলৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰি কয়…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ