কেবিনেটৰ বৈঠক, আইচিটি শিক্ষকৰ দৰমহা ৬ হাজাৰ টকাকৈ বৃদ্ধি

আজি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন কেবিনেটৰ বৈঠক অনুষ্ঠিত হয়৷ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটত ৰেইবাটাও গুৰত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে৷ মন্ত্ৰী ৰণজিৎ দাসে
সংবাদমাধ্যমক সম্বোধন কৰি কেবিনেট সিদ্ধান্তসমূহ ৰাজহুৱা কৰে৷ দুগ্ধ কোম্পানী আমুলক এক লাখ লিটাৰ দৈনিক উৎপাদন ক্ষমতাৰে ৰাণীত দুগ্ধ প্ৰক্ৰিয়াকৰণ প্ৰকল্প স্থাপনত অনুমোদন জনায়। অসমত বিনিয়োগকাৰীক উৎসাহ প্ৰদান যোগে সংস্থাপন সৃষ্টি কৰাৰ উদ্দেশ্য বিশেষ ব্যৱস্থা গ্ৰহণৰ কথা সিদ্ধান্ত গ্ৰহণ কৰিছে। অসমত ব্যক্তিগত খণ্ডৰ বিনিয়োগক উৎসাহিত কৰি নিয়োগ সৃষ্টিৰ সুযোগ সৃষ্টি কৰিবলৈকেবিনেটে আইআইপিএৰ অধীনত ২টাকৈ প্ৰস্তাৱক অনুমোদন জনাইছে। নিয়োগৰ সৃষ্টি কৰিব পৰা ব্যৱস্থা কৰিবলৈ মুঠ ৪৫৭.৯৮ কোটি টকা বিনিয়োগৰ সিদ্ধান্ত লয়। এই সিদ্ধান্তত প্ৰায় ১০০০ লোকে নিয়োগৰ সুবিধা লাভ কৰিব। আজি কেবিনেটে আইচিটিৰ শিক্ষকৰ ভৱিষ্যৎ সুৰক্ষাৰ্থে বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেবিনেটত ড০ বাণীকান্ত কাকতি কম্পিউটাৰ সাক্ষৰতা কাৰ্য্যসূচীৰ অধীনত কাম কৰা ১,৩১৩ অংশকালীন আইচিটি শিক্ষকৰ মাহিলি মাননী ১৪ হাজাৰ টকা বিপৰীতে ২০ হাজাৰ টকালৈ বৃদ্ধিত অনুমোদন জনায়। অক্টোবৰ মাহৰ পৰা দৰমহা বৃদ্ধি কৰাৰ লগতে শিক্ষকসকলৰ ৬০ বছৰলৈ চাকৰি নিশ্চয়তা প্ৰদান কৰে। যাৰ জৰিয়তে শিক্ষসকলে সকাহ পোৱাৰ লগতে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা, আপোন ঘৰ আৰু আপোন বাহন আঁচনিৰ প্ৰাপ্তিৰ বাবেও বিবেচিত হোৱাৰ সুযোগ লাভ কৰিব। আইচিটি কৰ্মচাৰীসকল মুখ্যমন্ত্ৰীৰ লোকসেৱক আৰোগ্য যোজনাৰ লগতে আপোন ঘৰ, আপোন বাহন আঁচনিৰ বাবেও যোগ্য বিবেচিত হ’ব।

  • Related Posts

    কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন-কৰ্মচাৰী ফেডাৰেচনসমূহে আহ্বান দিয়া ৯ জুলাইৰ দেশজোৰা ধৰ্মঘটক সমৰ্থন

    আজি অসমৰ মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চৰ উদ্যোগত বেলতলাস্থিত অমল প্ৰভা ভৱনত মটৰ শ্ৰমিকৰ ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠিত হয়। অসম চৰকাৰে গ্ৰহণ কৰা অসম মটৰ পৰিবহণ শ্ৰমিক সামাজিক সুৰক্ষা আঁচনিখন অতিশীঘ্ৰে…

    ভূমি আইনসমূহ বিলুপ্ত কৰিব খোজাটো জন-বিৰোধী, আয়োগলৈ পত্ৰ প্ৰেৰণ অসম জাতীয় পৰিষদৰ

    অসমৰ ভূমি আইনসমূহ বিলুপ্ত কৰি নতুন সংহত আইন প্ৰণয়ন কৰাৰ প্ৰস্তাৱক লৈ অসম জাতীয় পৰিষদে তীব্ৰ আপত্তি জনাইছে। দলটোৱে আজি ভূমি শাসন আয়োগৰ সচিব আৰু অসম চৰকাৰৰ ৰাজহ তথা দুৰ্য্যোগ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে