
কোকৰাঝাৰ-চিৰাঙৰ ঘন বনাঞ্চলত চলোৱা অভিযানত নিৰাপত্তা বাহিনীয়ে বিগত তিনি-চাৰি মাহ ধৰি গোপনে গঠন হৈ থকা এটা নতুন উগ্ৰপন্থী সংগঠনক সফলতাৰে আটক কৰি উৎখাত কৰিবলৈ সক্ষম হয়।
কমেও ২০ জন যুৱকৰে গঠিত এই নতুন উগ্ৰপন্থী গোটটোক আটক কৰাৰ পিছত অস্ত্ৰ সম্বৰণ কৰি মূলসুঁতিলৈ ঘূৰি আহিবলৈ পৰামৰ্শ দিয়া দিয়া।
উদ্ধাৰ হোৱা অস্ত্ৰ ভাণ্ডাৰত ৬টা অটোমেটিক ৰাইফল, চাৰিটা চিংগল শ্বট ৰাইফল, মেগজিনসহ তিনিটা পিষ্টল, ৫টা ৩৬ হাই এক্সপ্ল’ছিভ গ্ৰেনেড, ৫৪টা এ কে ৰাইফলৰ গুলী আৰু ৯ ৰাউণ্ড পিষ্টল গুলী আছে।
অসম আৰক্ষীৰ ডিজিপি জিপি সিঙে জনোৱা মতে উগ্ৰপন্থীয়ে এটা গোট গঠনৰ চেষ্টা চলাই আৰক্ষীৰ অভিযানৰ পিছত অস্ত্ৰ-শস্ত্ৰ সম্বৰণ কৰে।