

আজি জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান আৰু জীৱনজোৰা সাধনাৰ স্মৃতি বিজড়িত তামোলবাৰী চাহ বাগিচাৰ জ্যোতি তীৰ্থ ভৱনত চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাই ব্যতিক্ৰৰ্মী ওপজা দিন পালন কৰে৷ সুধীসমাজ, জ্যেষ্ঠ নাগৰিক, শুভকাংক্ষী, দলীয় সতীৰ্থ, ছাত্ৰ-ডেকা-মহিলাৰ উপস্থিতিত বিধায়ক বৰুৱাই গীত-মাত, কবিতাৰ মাজেৰে ওপজা দিন পালন কৰে৷ অইন বেলিৰ দৰেই এইবেলি বিধায়কগৰাকীৰ ওপজা দিনটোতে জ্যোতিতীৰ্থ ভৱনত দিনপঞ্জী মুকলি কৰা হয়৷ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি বিজড়িত আৰু জন্মস্থান তামোলবাৰী চাহ বাগিচাত ২৫ বৰ্ষীয় দিনপঞ্জী পদ্মশ্রী ঝুমুইৰ সম্রাট দুলাল মানকীয়ে উন্মোচন কৰে৷ বিধায়গৰাকীৰ ওপজা দিন উপলক্ষে জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান আৰু কলা-সংস্কৃতিৰ পণ্যাগাৰ স্বৰূপ তামোলবাৰী চাহ বাগিচাৰ জ্যোতিতীৰ্থ ভৱনতত বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়৷ গতানুগতিকতাৰ বিপৰীতে ব্যতিক্ৰমী ৰূপত আয়োজিত জন্মদিনটোত অসমৰ চাহৰ ২০০ বছৰীয়া ঐতিহ্য সম্বলিত ২০২৫ বৰ্ষৰ দিনপঞ্জী উন্মোচন কৰে৷ যিখন দিনপঞ্জী বিগত ২৪ বছৰে প্ৰকাশ হৈ আহিছে৷ আজি বিধায়ক বৰুৱাৰ উপস্থিতিত ২৫ সংখ্যক দিনপঞ্জীখন উন্মোচন কৰে পদ্মশ্রী ঝুমুইৰ সম্রাট দুলাল মানকীয়ে৷ জ্যোতিতীৰ্থ ভৱনত ঝুমুইৰ সম্ৰাট দুলাল মানকীয়ে গীত-মাত পৰিৱেশ কৰি অনুষ্ঠানটো জীপাল কৰি তোলা পৰিলক্ষিত হয়৷ ৰাইজৰ মাজত থাকি ব্যতিক্ৰমী ওপজা দিন পালন কৰি বিধায়ক বৰুৱাই প্রতি বছৰৰ দৰে এইবৰ্ষতো ৰাইজ উপকৃত হোৱাকৈ কেলেণ্ডাৰ প্ৰকাশ কৰি কয় যে আমি স্বীকাৰ কৰো যে বিশ্বৰ মানচিত্ৰত অসমৰ চাহৰ পৰিচয়েৰে অসমক জিলিকাই তোলাত অসমত বসবাস কৰা চাহ জনগোষ্ঠীৰ আছে অপৰিসীম ভূমিকা। অসমৰ চাহৰ গৌৰৱোজ্বল দুশ বছৰ উপলক্ষে কেলেণ্ডাৰখনৰ বিষয়বস্তু হিচাপে লোৱা হৈছিল অসমৰ চাহ জনগোষ্ঠীক। ২০২৫ বৰ্ষৰ এই কেলেণ্ডাৰখন ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ স্মৃতি বিজড়িত জ্যোতিতীর্থ ভৱনত উন্মোচন কৰা হয়৷ মোক অভইভূত কৰি আজিৰ এই অনুষ্ঠানতেই মোৰ জন্মদিনৰ শুভেচ্ছা জনোৱাৰ লগতে কেক কাটিলে শুভাকাংক্ষীসকলে। তেওঁলোকৰ বাবেই আজিৰ দিনটো মোৰ বাবে হৈ পৰিছিল বিশেষৰো বিশেষ। সকলোলৈ ধন্যবাদ জনোৱাৰ লগতে কৃতজ্ঞতাৰ শৰাই যাচিলো। আনহাতে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি বিধায়কগৰাকীয়ে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ পৰিকল্পনাৰ কথা অৱগত কৰে৷ উল্লেখযোগ্য যে, অসমীয়া কলা-সাহিত্য-সংস্কৃতিৰ অন্যতম শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত ১৯০৩ চনৰ ১৭ জুনত জন্ম হৈছিল৷ জ্যোতিপ্ৰসাদ আছিল প্ৰথমখন অসমীয়া চলচ্চিত্ৰৰ নিৰ্মাতা। অসমীয়া চলচিত্ৰ ইতিহাসৰ অন্যতম দলিল ‘জয়মতী’ৰ সমান্তৰালভাৱে আগৰৱালাই গীতিকাৰ, নাট্যকাৰ, লেখক আৰু এগৰাকী স্বাধীনতা সংগ্ৰামী হিচাপে জাতীয় জীৱনক সমৃদ্ধ কৰি গৈছে। তামোলবাৰীৰ জন্মগৃহৰ পৰাই বেছি সংখ্যক সৃষ্টিশীল কাম কৰি কৰিছিল।