এডিআৰইৰ নিযুক্তি পৰীক্ষা চলি থকাৰ সময়তে চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰা মজবুল হক চৌধুৰীক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ আজি সোধ-পোছৰ বাবে আৰক্ষী থানালৈ মাতি আনি অৱশেষত
মজবুল হক চৌধুৰীক গোৱালপাৰা সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ গোৱালপাৰাৰ মহাবিদ্যালয়ৰ অধ্যাপক মজবুল হক চৌধুৰীৰ এটা ভিডিঅ’ ভাইৰেল হৈছিল৷ য’ত তেওঁ চাকৰি দিব পাৰিম বুলি দাবী কৰিছিল লগতে কেইজনমান লোকৰ পৰা টকাৰ বান্দিল ল’বলৈ সাজু হৈ থকা দেখা গৈছিল৷ এই ভিডিঅ’ সংবাদমাধ্যমৰ হাতত পৰাত খবৰ ৰূপে প্ৰকাশ পোৱাত গোৱালপাৰা আৰক্ষীয়ে গুৰুত্বসহকাৰে লয়৷ আৰক্ষীয়ে মজবুল হক চৌধুৰীক সোধ-পোছৰ বাবে মাতে৷ দিনটো সোধ-পোছৰ অন্তত নিশা মজবুল হক চৌধুৰীক গ্ৰেপ্তাৰ কৰিছে গোৱালপাৰা আৰক্ষীয়ে৷ চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰি প্ৰৱঞ্চনা কৰিব খোজা গোৱালপাৰা মহাবিদ্যালয়ৰ অধ্যাপক চৌধুৰীৰ কাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷
জনতা ভৱনত ধৰা পৰা খকুৱা পাৰ্থৰ ঘৰত টকাৰ উজান, উদ্ধাৰ হ’ল ৪৭ লাখ
ডিজিটেল ডেস্কঃ এইবাৰ অসম চৰকাৰৰ বৰঘৰতে হাত দাঙিলে এজন আবকাৰী বিষয়াই ৷ ৰাজ্য প্ৰশাসনৰ হৃদপিণ্ড জনতা ভৱনতে হাত দাঙিলে এজন আবকাৰী বিষয়াই । অভিযুক্ত ঘোচখোৰ আবকাৰী বিষয়াজন পাৰ্থ হাজৰিকা ৷…