
গুৱাহাটীঃ পুনৰ এবাৰ বিতৰ্কত সোমায় পৰিছে আইমী বৰুৱা। শেহতীয়াকৈ ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটাত জুৰীৰ বঁটা লাভ কৰিবলৈ সক্ষম হোৱা আইমী বৰুৱাৰ চুটি ছবি “বিৰুৱালা- উইটছ টু পদ্মশ্ৰী”ক লৈ সৃষ্টি হৈছে বিতৰ্কৰ।
উল্লেখ্য যে, ডাইনী হত্যাৰ বিৰুদ্ধে অসমজুৰি সজাগতা সৃষ্টি কৰা গোৱালপাৰাৰ প্ৰয়াত সমাজকৰ্মী তথা ভাৰত চৰকাৰৰ চতুৰ্থ অসামৰিক সন্মান ‘পদ্মশ্ৰী’ বঁটাৰে সন্মানিত বিৰুৱালা ৰাভাৰ জীৱনৰ আধাৰত আইমী বৰুৱাই নিৰ্মান কৰিছিল তথ্য চিত্ৰ “বিৰুৱালা- উইটছ টু পদ্মশ্ৰী”।
কিন্তু এই তথ্যচিত্ৰখনৰ শিৰোনামক লৈ আপত্তি দৰ্শাইছে খোদ বিৰুৱালা ৰাভাৰ পৰিয়ালে। কিহৰ আধাৰত আৰু কি মানসিক স্থিতিত তথ্য চিত্ৰখনৰ এই নাম ৰখা হল তাক লৈও আইমী বৰুৱাৰ পৰা উত্তৰ বিচাৰিছে বিৰুৱালা ৰাভাৰ পৰিয়ালে।
মনকৰিবলগীয়া যে, উইটছৰ অসমীয়া অৰ্থ হৈছে ডাইনী। এনে পৰিপ্ৰেক্ষিতত আইমী বৰুৱাৰ তথ্য চিত্ৰখনৰ শিৰোনামটোৰ অসমীয়া অনুবাদ হবগৈ “বিৰুৱালা- ডাইনীৰ পৰা পদ্মশ্ৰী সন্মানলৈ”। অৰ্থাৎ ডাইনী হত্যাৰ বিৰুদ্ধে সংগ্ৰাম কৰা বিৰুৱালা ৰাভাক আইমী বৰুৱাই নিজেই ডাইনী সজাবলৈ চেষ্টা কৰাক লৈ আপত্তি দৰ্শাইছে তেওঁৰ পৰিয়াল আৰু সচেতন মহলে।
বিৰুৱালা ৰাভাৰ পুত্ৰ বিষ্ণুপ্ৰসাদ ৰাভাই এই সন্দৰ্ভত আপত্তি প্ৰকাশ কৰি কয়, “মোৰ মাই ডাইনী হত্যাৰ বিৰুদ্ধে প্ৰচাৰ কৰিছিল, কিন্তু তেওঁ নিজে ডাইনী নাছিল। আইমী বৰুৱাই শিৰোনামত তেওঁক ডাইনী অভিহিত কৰি মোৰ মাক লৈ এক ভ্ৰান্ত ধাৰণা বিয়পাব বিচাৰিছে। আইমী বৰুৱাই কিহৰ আধাৰত আৰু কি চিন্তা কৰি তেওঁৰ ছবিৰ নাম “বিৰুৱালা- উইটছ টু পদ্মশ্ৰী” ৰাখিলে সেয়া জনোৱা উচিত।”