
গুৱাহাটীঃ চলিত বছৰৰ শেষৰ ফালে অৰ্থাৎ ডিচেম্বৰত ৰাজ্যত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। বুধবাৰে এই কথা সদৰী কৰিছে ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এইবাৰ পঞ্চায়ত নিৰ্বাচন সম্পূৰ্ণৰূপে ৰাজনীতি মুক্ত হ’ব আৰু নিৰ্বাচনত কোনো দলীয় চিহ্ন নাথাকিব। আনহাতে এইবাৰ ৰাইজৰ দ্বাৰা পঞ্চায়ত সভাপতি নিৰ্বাচন কৰাৰ পৰিৱৰ্তে পঞ্চায়তৰ ৱাৰ্ড সদস্যসকলে নিৰ্বাচন কৰিব পঞ্চায়তৰ সভাপতিক।
শিলচৰ জিলা বিজেপি কাৰ্যালয়ত সংবাদমেলত মন্ত্ৰীগৰাকীয়ে আন এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে। ৩১ আগষ্টৰ ভিতৰত পঞ্চায়ত আৰু ৭ ছেপ্তেম্বৰৰ ভিতৰত ব্লক পুনৰ গঠন কৰা হ’ব বুলি মন্তব্য কৰে ৰঞ্জিত দাসে। ২০০১ চনৰ লোকপিয়ল অনুযায়ী ব্লক আৰু পঞ্চায়ত সমূহ পুনৰ গঠন কৰা হ’ব। এই প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পাছত ডিচেম্বৰ মাহত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি জনায় মন্ত্ৰী দাসে।
উল্লেখ্য যে ৮ জুলাইত পঞ্চায়ত পৰিচালনাৰ বাবে বিশেষ কমিটী গঠনৰ বাবে নিৰ্দেশ প্ৰদান কৰিছিল অসম চৰকাৰে। বৰ্তমান জিলা পৰিষদ পৰিচালিত হৈ আছে অভিভাৱক মন্ত্ৰীৰ নেতৃত্বত। অভিভাৱক মন্ত্ৰীৰ অধ্যক্ষতাত গঠন হৈছে কমিটী। এই কমিটীৰ সদস্য সচিব হৈছে জিলা আয়ুক্ত আৰু কমিটীৰ সদস্য হৈছে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া।
আনহাতে আঞ্চলিক পঞ্চায়ত পৰিচালিত হৈ আছে বিধায়কৰ নেতৃত্বত। স্থানীয় বিধায়কৰ অধ্যক্ষতাত গঠন হৈছে বিশেষ কমিটী। কমিটীৰ সদস্য সচিব হৈছে এডিচি বা চি ই অ’। গাঁও পঞ্চায়ত পৰিচালিত হৈছে বিডিঅ’ৰ অধ্যক্ষতাত। কমিটীত সদস্য সচিব হৈছে গাঁও পঞ্চায়তৰ সচিব।